নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বিটিচি দখলেৰে বিধানসভা নির্বাচনৰ প্রস্তুতি তুংগত কৰি তোলা ৰাজ্যিক বিজেপিৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত অংশ ল’বলৈ ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ মুখ্যতঃ চৰকাৰী অনুষ্ঠানত অংশগ্রহণৰ বাবে দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷ ২৫ ডিচেম্বৰৰ নিশা গুৱাহাটীত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্রস্তুতি সন্দর্ভত এক আলোচনাত মিলিত হ’ব৷ লক্ষণীয়ভাৱে এই ভ্রমণৰ সময়তে বিজেপিৰ মিত্রদল অগপৰ নেতৃত্বৰ সৈতেও এক অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব অমিত শ্বাহ৷ ৰাজ্যিক বিজেপিৰ এক সূত্রই প্রকাশ কৰা অনুসৰি অমিত শ্বাহে বিধানসভা নির্বাচনৰ আসন ভাগ–বাটোৱাৰাৰ ক্ষেত্রতো কিছু গুৰুত্বপূর্ণ আলোচনাত বহিব ৰাজ্যিক বিজেপি আৰু অগপৰ সৈতে৷

ইফালে, অমিত শ্বাহৰ ভ্রমণৰ আগে আগে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব ৰাজ্যিক বিজেপিৰ প্রভাৰী বৈজয়ন্ত পাণ্ডা৷ কাইলৈ দিনৰ ১১ বজাত গুৱাহাটীত উপস্থিত হৈ প্রভাৰীগৰাকীয়ে দিনৰ ১২ বজাত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ আনহাতে দুপৰীয়া ২ বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত জিলা সভাপতি আৰু জিলা প্রভাৰীসকলৰ সৈতে আন এক বৈঠকত মিলিত হ’ব৷ বিয়লি ৪ বজাত দলৰ মর্চাৰ সভাপতি, সাধাৰণ সম্পাদক, বিভিন্ন চেলৰ আহ্বায়কসকলৰ সৈতে উক্ত স্থানতে আন এক বৈঠকত মিলিত হ’ব তেওঁ৷ সন্ধিয়া ৫ বজাত বৈজয়ন্ত পাণ্ডাই মুখপাত্র, পেনেলিষ্ট, মিডিয়া চেল আৰু আই টি চেলৰ কার্যকর্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব৷

আনহাতে নিশা ৮ বজাত ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে বিধানসভা নির্বাচনৰ সন্দর্ভত আন এক বৈঠকত মিলিত হ’ব৷ মুখ্যতঃ এই বৈঠকতে আগন্তুক বিধানসভা নির্বাচনৰ সন্দর্ভত দলে গ্রহণ কৰা বিভিন্ন নীতি তথা ৰণকৌশল সম্পর্কে আলোচনা হ’ব৷ উল্লেখ্য যে অমিত শ্বাহৰ ভ্রমণৰ পূর্বে বৈজয়ন্ত পাণ্ডাই এই দুদিনীয়া ভ্রমণ সামৰি ৰাষ্ট্রীয় নেতৃত্বৰ ওচৰত এক প্রতিবেদন দাখিল কৰিব৷ উক্ত প্রতিবেদনৰ ওপৰত নির্ভৰ কৰিয়েই ৰাষ্ট্রীয় নেতৃত্বই বিধানসভা নির্বাচনক লক্ষ্য কৰি এলানি নির্দেশনা তথা ৰণকৌশল ৰাজ্যিক বিজেপিলৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে৷

You might also like