নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ সংকল্প সমাৰোহত অমিত শ্বাহ, আজমল-কংগ্ৰেছ যুটিক থকাসৰকা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ কোকৰাঝাৰৰ পৰা পোনে পোনে নলবাৰীৰ সংকল্প সমাৰোহত ভাগ ললে গৃহমন্ত্ৰী অমিত শ্বাহে। বি এছ এফৰ বিশেষ হেলিকপ্টাৰযোগে নলবাৰীৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰত উপস্থিত হয় শ্বাহ। সভাস্থলীত বিপুল জনতাই আদৰণি জনায় গৃহমন্ত্ৰীগৰাকীক।

অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি বহুকেইগৰাকী নেতায়ো সংকল্প সমাৰোহত অংশ লয়। বিজেপিৰ শীৰ্ষ নেতা অমিত শ্বাহে নিজ ভাষণত নলবাৰীৰ ঐতিহ্যৰে জড়িত ভিন্ন ব্যক্তিত্বলৈ শ্ৰদ্ধা নিবেদন কৰে। ‘৪২ৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ মুকুন্দ কাকতিৰ লগতে ৰঘুনাথ চৌধাৰী, ত্ৰৈলোক্য নাথ গোস্বামী, গিৰিধাৰীলাল শৰ্মা, মনোৰঞ্জন শাস্ত্ৰী আদি নলবাৰীৰ বিশিষ্ট ব্যক্তিক স্মৰণ কৰে শ্বাহে।

শ্বাহে লগতে অসমৰ দুই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱকো শ্ৰদ্ধা জ্ঞাপন কৰি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী মহাপুৰুষৰ স্মৃতি সজীৱ কৰিবলৈ ৰাজকোষৰ ১৫৫ কোটি টকা খৰচ কৰি কৰা কৰ্মৰ বাবে ধন্যবাদ জনায় নেতাগৰাকীয়ে।

কংগ্ৰেছ আৰু আজমলক চোকা ভাষাৰে সমালোচনা কৰি ভাষণত শ্বাহে কয়- ‘ৰাইজ আপোনালোকে অসমক প্ৰব্ৰজনকাৰীৰ পৰা মুক্ত কৰিব বিচাৰেনে? এই কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলে অসমক প্ৰব্ৰজনকাৰীৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰেনে? কংগ্ৰেছ আৰু আজমলে প্ৰব্ৰজনকাৰীৰ বাবে সকলো দুৱাৰ খুলি দিব আৰু সংস্থাপিত কৰিব। কাৰণ প্ৰব্ৰজনকাৰী দুয়োৰে কাৰণে ভোটেবংক। প্ৰব্ৰজনকাৰীক যদি কোনোবাই ৰখাব পাৰে, তেন্তে সেয়া নৰেন্দ্ৰ মোদীয়েহে ৰখাব পাৰিব।’

You might also like