বিজেপিয়ে বিচাৰে আত্মনির্ভৰ অসম ৰাহুল গান্ধীয়ে বিচাৰে মৌলানা নির্ভৰ অসম
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰশীল অসম নির্মাণ কৰিব বিচাৰে৷ ইয়াৰ বিপৰীতে ৰাহুল গান্ধীৰ লক্ষ্য হ’ল মৌলানা নির্ভৰ অসম গঢ়াৰ৷ আজি তীব্র কটাক্ষৰে এইদৰে কংগ্রেছৰ বিৰুদ্ধে সৰৱ হ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান চলাবলৈ বুধবাৰে অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বিজনী, হাজো আৰু সোণাপুৰত তিনিখনকৈ বিশাল নির্বাচনী সভাত অংশ লৈ কংগ্রেছ আৰু এ আই ইউ ডি এফক তীব্র ভাষাৰে সমালোচনা কৰি অমিত শ্বাহে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসমৰ বিকাশৰ বাবে বিজেপি আৰু মিত্রদল প্রতিশ্রুতিবদ্ধ৷ ইয়াৰ বিপৰীতে কিন্তু বদৰুদ্দিন আজমলৰ নেতৃত্বত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রজোঁটে অসমক পুনৰ অবৈধ অনুপ্রৱেশৰ ঘাটি কৰিব বিচাৰিছে৷ আজমলে শেহতীয়াকৈ মন্তব্য কৰিছে যে চৰকাৰ গঠনৰ চাবি–কাঠী তেওঁৰ ওচৰত৷ কিন্তু আমি বিচাৰোঁ চৰকাৰ গঠনৰ চাবি–কাঠী ৰাইজৰ ওচৰত থাকক৷ আজমলে বিচাৰে দিছপুৰত তেওঁলোকৰ চৰকাৰ হ’লে সীমা উন্মুক্ত কৰাৰ চাবি তেওঁলোকৰ হাতত থাকিব৷ কিন্তু সেয়া কেতিয়াও হ’বলৈ দিয়া নহ’ব৷ বিজেপিয়ে কেতিয়াও অসমক অনুপ্রৱেশ কৰাৰ ঘাটি হ’বলৈ নিদিয়ে৷
গৃহমন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে কংগ্রেছৰ ৰাজনীতি হ’ল বিভাজন৷ কিন্তু বিজেপিৰ মূলমন্ত্র হ’ল সবকা সাথ, সবকা বিকাশ৷ আজি চিৰাং জিলাৰ বিজনী সমষ্টিত বিজেপি প্রার্থী অজয় কুমাৰ ৰায়ৰ হৈ নির্বাচনী প্রচাৰৰ উদ্দেশ্যে সমষ্টিটোৰ অন্তর্গত উলুবাৰীত উপস্থিত হোৱা অমিত শ্বাহে তেওঁৰ ভাষণত স্পষ্টভাৱে কয়– আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বি টি আৰ চুক্তি৷ এই চুক্তি ৰূপায়ণৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ উভয়ে ব্যৱস্থা গ্রহণ কৰিব৷ অমিত শ্বাহে নিজৰ ভাষণত কয়– আমি যোৱা বিধানসভা নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি অসমক উগ্রপন্থীমুক্ত কৰিছেছা৷ বি টি আৰ চুক্তিৰ জৰিয়তে সকলো উগ্রপন্থী সংগঠনক শান্তি আলোচনালৈ আনি তেওঁলোকক কর্মসংস্থাপন দিছেছা বুলিও কয় শ্বাহে৷ বি টি আৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰবাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰেব্যৱস্থা ল’ম বুলিও কয়৷ অসমৰ উন্নয়ন কৰিম বুলি কৈছিলোঁ, সেয়াও আমি কৰিলোঁ যোৱা সময়ত৷ আন্দোলনমুক্ত অসম গঢ়ি তোলাৰ প্রতিশ্রুতি দিছিলোঁ বাবে আজি সর্বানন্দ সোণোৱালৰ নেতৃত্বত আমি সম্ভৱ কৰি তুলিলোঁ সৰু সৰু স্বায়ত্তশাসিত পৰিষদ গঠন কৰি৷ সকলো জাতি–জনগোষ্ঠীৰ উন্নয়ন কৰিছেছা আমি৷
আগন্তুক সময়ত অসমত আকৌ চৰকাৰ গঠন কৰি আমি আৰু অধিক উদ্যমেৰে উন্নয়নৰ কাম কৰিম বুলিও কয় শ্বাহে৷ বিগত সময়ত কংগ্রেছৰ শাসন থকা সময়ত উগ্রপন্থীয়ে অসমৰ লোকক হত্যা কৰিছিল৷ কিন্তু কোনো ব্যৱস্থা লোৱা নাছিল৷ আমি সেয়া কৰিলোঁ বাবেই আজি অসমত শান্তিৰে সকলোৱে বসবাস কৰিবলৈ সক্ষম হৈছে৷ জাতি–জনগোষ্ঠীসমূহ মাজত সংঘর্ষ লগাইছিল৷ বিদেশী খেদা আন্দোলনত কংগ্রেছে অসমীয়া লোকক হত্যা কৰিছিল৷ আজি বিদেশীৰ ৰক্ষক আজমলৰ বোকোচাত উঠি কংগ্রেছে অসমত চৰকাৰ গঠনৰ চেষ্টা কৰিছে৷ আমি সেয়া হ’বলৈ নিদিওঁ বুলি কয় শ্বাহে৷ কালাপাহাৰ আজমলৰ কান্ধত উঠি অহা কংগ্রেছে কিদৰে বিদেশীমুক্ত অসম কৰিব বুলিও প্রশ্ণ কৰে অমিত শ্বাহে৷ কাৰণ আজমল বিদেশীৰ ৰক্ষক বুলি নির্বাচনী প্রচাৰত আহি ৰাহুল গান্ধীয়ে কৈছে অসমৰ পৰিচয় আজমল৷ আমি জনাত অসমৰ পৰিচয় শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকাহে৷ কংগ্রেছে আজমলৰ লগ লাগি অসমৰ পৰিচয় সলাব বিচাৰিছে৷ আমি সেয়া হ’বলৈ নিদিওঁ বুলি কয় শ্বাহে৷ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্রী হৈ থাকোঁতে কৈছিল হু ইজ বদৰুদ্দিন৷ আজি ৰাহুল গান্ধীয়ে কৈছে বদৰুদ্দিন আজমল অসমৰ পৰিচয়৷
উক্ত অনুষ্ঠানতে শ্বাহৰ দাবী– বিজেপিৰ দিনতবডো ভাষাক ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্রদান কৰা হৈছে৷ এয়াই নহয়,বডোভূমিৰ বাবে কেন্দ্রই অনুমোদন জনাইছে ৭৫০ কোটি টকা৷ সভাতে আজমলক সমালোচনা কৰি অমিত শ্বাহৰ মন্তব্য– চাবি আজমলৰ হাতত নহয়, অসমৰ জনতাৰ হাতত৷ আজমল অসমৰ পৰিচয় নহয়, অসমৰ পৰিচয় ভূপেন হাজৰিকা, শংকৰদেৱ আৰু মাধৱদেৱ৷ আমাৰ এয়াই পার্থক্য৷ আমি সেইসকলক ৰুধিব লাগিব৷ তেওঁ কয়– আমি অসমক বানমুক্ত অসম গঢ় দিয়াৰ চেষ্টা কৰি আছোঁ৷ তাৰ বাবে মোদীয়ে ছেটেলাইটৰ জৰিয়তে পর্যবেক্ষণ কৰি ব্যৱস্থা লৈছে৷
বুধবাৰে বিজনীত প্রধানমন্ত্রী আৱাস যোজনাৰ ৭ হাজাৰ ঘৰ হৈছে আৰু অসমত এক লাখ ২৬ হাজাৰ দৰিদ্র লোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ অসমৰ উন্নয়নৰ বাবে মোদীয়ে বহুত কৰিলে আৰু কৰিব৷ ব্রহ্মপুত্রত ৬খন দলং দিয়াৰ লগতে অন্যান্য দিশতো উন্নয়ন কৰিবলৈ সক্ষম হৈছে৷ অসমত সর্বানন্দ সোণোৱালৰ নেতৃত্বত ব্যাপক উন্নয়ন হৈছে৷ দৰিদ্র ভূমিহীন লোকক ভূমি পাট্টা দিছে৷ কাজিৰঙা বিদেশীৰ দখলত আছিল, সেয়াও বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বিদেশীমুক্ত কৰিলে৷ সত্রসমূহ বিদেশীমুক্ত কৰাৰ বাবেও কাম কৰি আছে৷ চিকিৎসাৰ ক্ষেত্রত অসমত ব্যাপক উন্নয়ন হৈছে৷ পদুম ফুলৰ চৰকাৰ অসমত আনক, সকলো ছোৱালীক আমি স্কুটী দিম৷ আমি দিয়া সকলো প্রতিশ্রুতি ৰক্ষা কৰিম বুলিও কয় অমিত শ্বাহে৷ এইবাৰ অসমত বিজেপি–গপৰ সৈতে আজমল নেতৃত্বাধীন কংগ্রেছৰ যুঁজ হৈছে৷
কংগ্রেছে আজমলক লৈ অসমৰ কলা–সংস্কৃতি ৰক্ষা কৰিব বিচাৰিছে৷ কিন্তু নোৱাৰে৷ আমিহে পাৰিম৷ অসমক বিগত সময়ত যিদৰে ৰক্ষা কৰিছেছা সদায় ৰক্ষা কৰিম৷ গতিকে বিজেপিৰ বিজনী সমষ্টিৰ প্রার্থী অজয় কুমাৰ ৰায়ক ভোটদানেৰে বিজয়ী কৰাই অসমত পুনৰ চৰকাৰ গঠনত সহায়ৰ আহ্বান জনায় অমিত শ্বাহে৷ সভাত বিজেপিৰ ৰাষ্ট্রীয় পৰিষদৰ সদস্য বিমল অচৱাল, কোকৰাঝাৰ লোকসভা সমষ্টিৰ পর্যবেক্ষক বিনোদ গন্তীয়া, মধ্যপ্রদেশ যুৱ মর্চাৰ সম্পাদক অশ্বিনী ৰায়, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত আৰু কমতাপুৰ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য গোকুল বর্মন উপস্থিত থাকে৷
অসমত কংগ্রেছ শাসনলৈ আহিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব
‘হিন্দু–মুছলমানৰ সমন্বয়ৰ মিলনভূমি তীর্থনগৰী হাজোলৈ আহি মই অভিভূত হৈছেছা৷ হিন্দু–মুছলমান আমি এনেকৈয়ে মিলিজুলি থাকিব লাগিব৷ ভাৰতবর্ষত এটাই মাত্র ৰাজনৈতিক দল আছে, সেয়া হ’ল বিজেপি৷ যিটো দলে হিন্দু–মছলমানক সম–ধিকাৰ দি আহিছে৷’ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ তৃতীয় পর্যায়ৰ বিধানসভা নির্বাচনলৈ মাজতে মাত্র কেইটামান দিন বাকী থকা অৱস্থাত আজি হাজোত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ হাজোৰ বিধায়িকা সুমন হৰিপ্রিয়াৰ হৈ নির্বাচনী প্রচাৰৰ উদ্দেশ্যে হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বিয়লি অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্রহণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ভাষণ প্রসংগত লগতে কয়– বিজেপি চৰকাৰৰ মূল লক্ষ্যই হ’ল সবকা সাথ সবকা বিকাশ৷ বিগত সময়ত কংগ্রেছ চৰকাৰৰ দিনত অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল৷ কিন্তু সর্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ হোৱাৰ পাছতো অসমৰ উন্নয়ন যথেষ্ট হৈছে৷ ব্রহ্মপুত্রৰ ওপৰত ৬খন দলং নির্মাণ কৰা হৈছে, পাঁচ লাখতকৈও অধিক লোকক মাটিৰ পট্টা দিয়া হৈছে, মাটিৰ পট্টা দিয়াৰ ক্ষেত্রত হিন্দু–মুছলমানবুলি কোনো ভেদভাব কৰা হোৱা নাই৷
ভাষণ প্রসংগত কংগ্রেছ–এ আই ইউ ডি এফক কটাক্ষ কৰি অমিত শ্বাহে কয়– অসমত কংগ্রেছ শাসনলৈ আহিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব৷ কাজিৰঙা আৰু সত্রৰ ভূমি বেদখলকাৰীৰ পক্ষ লোৱা আজমলৰ লগ লাগিছে কংগ্রেছে৷ কংগ্রেছৰ লগতে বদৰুদ্দিন আজমলক কঠোৰ সমালোচনা কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পুনৰ কয়– অসমত আতংকবাদ নির্মূল কৰি এখন সমৃদ্ধিশালী, বিকশিত অসম গঢ়ি তোলাটোৱেই বিজেপিৰ মূল লক্ষ্য৷ চৰকাৰে আগবঢ়োৱা কেতবোৰ জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি পুনৰ বিজেপি চৰকাৰ আহিলে অসমৰ ১০ লাখ নিবনুৱাক কর্মসংস্থাপন দিয়া হ’ব বুলিও উল্লেখ কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ খোদ অমিত শ্বাহে হাজোৰ বিজেপি প্রার্থী সুমন হৰিপ্রিয়াক দলীয় টিকট দিয়া বুলি সদৰী কৰি তেওঁ হাজো সমষ্টিৰ ৰাইজক প্রার্থীগৰাকীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়৷ এই নির্বাচনী সভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সাংসদ কুইন ওজা, মন্ত্রী কেশৱ মহন্ত, অগপ নেতা নুৰুল হুছেইন আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে৷
অসমৰ ভাষা–সংস্কৃতি সুৰক্ষিত কৰিব পাৰিব একমাত্র বিজেপিয়ে
দিছপুৰ সমষ্টিৰ বিজেপিৰ প্রার্থী অতুল বৰাৰ হৈ নির্বাচনী প্রচাৰৰ বাবে বুধবাৰে সোণাপুৰৰ এখন বিশাল নির্বাচনী সভাত উপস্থিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ দিছপুৰ সমষ্টিটো পুনৰ বিজেপিৰ দখলত ৰখাৰ উদ্দ্যেশে গৃহমন্ত্রীগৰাকীয়ে ভাষণত কয় যে অসম লাচিত বৰফুকনৰ ৰাজ৷ এই ঐতিহাসিক লাচিতৰ ৰাজ্যৰ মর্যাদা কেৱল বিজেপি চৰকাৰেহে দিব পাৰিব৷ বদৰুদ্দিন আজমল আৰু কংগ্রেছ চৰকাৰে লাচিতৰ মর্যাদা ৰাখিব নোৱাৰে৷ য’ত কংগ্রেছ আমাৰ বাবে ফেক্টৰ নহয় বুলিও কয় গৃহমন্ত্রীগৰাকীয়ে৷ সোণাপুৰ ক্ষুদ্র খেলপথাৰত দহ সহস্রাধিক লোকৰ উপস্থিতিত নির্বাচনী সভাত পুনৰ মন্ত্রীগৰাকীয়ে কয় যে অসমক আন্দোলনমুক্ত কৰিব বিজেপি চৰকাৰে৷ কংগ্রেছৰ সময়ত অসম অশান্ত আছিল৷জাতি, মাটি, সভ্যতা–সংস্কৃতি ধ্বংস কৰিছিল কংগ্রেছ চৰকাৰে৷ অসমত আন্দোলন বৃদ্ধি পাইছিল কংগ্রেছৰ শাসনকালত৷ কিন্তু বিজেপি চৰকাৰৰ শাসনৰ পাছতে অসম শান্তি হৈছে৷ আত্মনির্ভৰশীল অসম গঢ়াৰ বাবে নৰেন্দ্র মোদীয়ে অহৰহ চেষ্টা কৰিছে৷
অসমত বিভিন্ন সংস্থাপনৰ ব্যৱস্থা গ্রহণ কৰি চৰকাৰী নিয়োগ বৃদ্ধি কৰা হৈছে৷ অসমত ভূমি সমস্যা সমাধান কৰাৰ লগতে কৃষকৰ ওপৰত অধিক গুৰুত্ব দিছে বিজেপি চৰকাৰে৷ ৰাইজৰ সুবিধাৰ বাবে ব্রহ্মপুত্রৰ ওপৰত কেইবাখনো দলং নির্মাণ কৰা হৈছে৷ উগ্রপন্থীমুক্ত অসম হৈছে বিজেপিৰ বাবে৷ যাৰ বাবে পুনৰ বিজেপিক শাসনলৈ অনাৰ লগতে দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী অতুল বৰাক জয়ী কৰিবলৈ আহ্বান জনায়৷ পুনৰ কংগ্রেছ শাসনলৈ আহিলে উগ্রপন্থী অসম হৈ পৰিব৷ ভাৰত–বাংলাদেশ সীমা সমস্যা সমাধান কৰিছে বিজেপি চৰকাৰে৷ বদৰুদ্দিন আজমল আৰু কংগ্রেছ দলক সমালোচনা কৰি কয় যে অসমৰ ভাষা–কৃষ্টি–সংস্কৃতি, ভূমি সুৰক্ষা কৰিব পাৰিব একমাত্র বিজেপিয়েহে৷ দেশ, ৰাজ্যত সকলো দিশৰ পৰা উন্নয়ন, বিকাশ হৈছে একমাত্র বিজেপি চৰকাৰৰ বাবে বুলিও উল্লেখ কৰে গৃহমন্ত্রী অমিত শ্বাহে৷ উল্লেখ্য যে আজি বিয়লি ৩.২০ বজাত হেলিকপ্ঢাৰেৰে ডিগাৰু বায়ুসেনা বাহিনীৰ হেলিপেডত অৱতৰণ কৰি বিশাল নির্বাচনী সভাখনত উপস্থিত হয় গৃহমন্ত্রীগৰাকী৷ সভাত দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী অতুল বৰা, বিজেপিৰ গুৱাহাটী মহানগৰৰ সভাপতি মৃগেন শৰণীয়া উপস্থিত থাকি ভাষণ প্রদান কৰে৷