অমিত শ্বাহৰ কামাখ্যা মন্দিৰ দৰ্শন
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে দৰ্শন কৰিলে কামাখ্যা মন্দিৰ। আজি পুৱা প্ৰায় ১০ বজাত মন্ত্ৰীগৰাকীয়ে মন্দিৰ দৰ্শন কৰে। অমিত শ্বাহৰ মন্দিৰ দৰ্শন কাৰ্যসূচীত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীৰ কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হয় মন্দিৰ চৌহদত। কামাখ্যা দেৱীৰ আশীৰ্বাদ লৈ তেওঁ কিছু সময় পিছতে তাৰ পৰা বিদায় লয়।