নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকাশৰ বতৰা লৈ অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী

৪খনকৈ নতুন আঁচনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিকাশৰ বতৰা লৈ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ অমিত শ্বাহ। কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি শ্বাহে কয় যে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ জৰীডাল সবল হৈছে।হিমন্ত বিশ্ব-সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম বিকাশৰ পথত

ভাযণ প্ৰসংগত তেওঁ কয় যে ২০১৩ বৰ্ষতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যেতিয়ালৈকে উত্তৰ-পূৱৰ উন্নতি নহয় তেতিয়ালৈকে ভাৰতৰ উন্নতি অসম্ভৱ। সকলোৱে উত্তৰ-পূৱক উন্নয়ণৰ ইঞ্জিন বনাবলৈ চেষ্টা কৰি আছে।

অসমৰ সংস্কৃতি কেৱল মাত্ৰ অসমৰ সংস্কৃতি নহয় ই ভাৰতীয় সংস্কৃতিৰ অলংকাৰ বুলিও মন্তব্য কৰে অমিত শ্বাহে। শ্ৰীমন্ত শংকৰদেৱ অসমৰ সাহিত্য সংস্কৃতিক অন্য এক মাত্ৰা প্ৰদান কৰিলে। ভাৰতৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিলে। কিন্তু বৰ্তমান শংকৰদেৱৰ জন্মস্থান অবৈধ বাংলাদেশীৰ কবলত।  বটদ্ৰৱা থানৰ বাবে চৰকাৰৰ নতুন পৰিকল্পনা। বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে ১৮০কোটি টকা ঘোষণা কৰিলে অমিত শ্বাহে। স্বৰ্ণমন্দিৰৰ দৰে সজাই তোলা হ’ব ঐতিহাসিক বটদ্ৰৱা থানক।

লগতে অসমৰ ৮০০০ নামঘৰলৈ ২.৫০কোটি টকা ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ৰাজ্যত আৰু ১১খন নতুন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব।

বৰ্তমানলৈ অসমত ৭খন মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। অসমৰ দৰিদ্ৰলোকসকলৰ সুবিধাৰ্থে আৰু ৬খন হাস্পতাল নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে অমিত শ্বাহে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৩০বাৰতকৈ অধিক উত্তৰ-পূবলৈ আহিছে। ৰাস্তা-ঘাট, ৰে’ল তথা বিমানৰে দেশৰ বাকী ৰাজ্যৰে যোগাযোগ সুচল কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিবাৰেই মোদীয়ে উত্তৰ-পূবক নতুন উপহাৰ দিছে গতিকে উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ অসমত আকৌ বিজেপিৰে চৰকাৰ আহিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে।

You might also like