নিয়মীয়া বাৰ্তা ৩ জুলাইঃ আমচৈ অঞ্চলৰ হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমচৈ দীঘলীআটি পথৰ পৰা বুঢ়াৰজা গাঁৱৰ মেনাবৰ পাটৰৰ গৃহলৈ থকা ১১০০ মিটাৰ পথছোৱা উন্নয়ন কার্যৰ ৩ জুলাইত আনুষ্ঠানিক শুভাৰম্ভ কৰা হয় । শুভাৰম্ভ কৰে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰদাসে । এই পথছোৱা উন্নয়নৰ বাবে এছ, অ, পি, ডি আচঁনিৰ অধীনত উন্নয়নৰ আৰু চি, চি ব্লক বহোওৱাৰ বাবে চৰকাৰে এক কোটি আঠ লাখ টকা ধাৰ্য্য কৰা বুলি জানিব পৰা গৈছে। এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে নগাঁও গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তা গবীন সিং, গড়কাপ্টানী বিভাগৰ সংমণ্ডল বিষয়া হিৰণ্য দাস, এছ, অ, টি, আহমেদ, হাটবৰ আঞ্চলিক পঞ্চায়ত সদস্যা জয়া দেবী, বিজেপিৰ কমাৰগাঁও মণ্ডলৰ সভাপতি হৰি চৰণ সৰকাৰ, আমচৈ গাঁও পঞ্চায়তৰ সভাপতি বিধান দে, চহৰী মৌজা সমবায় সমিতিৰ অধ্যক্ষ পিতাম্বৰ ডেকা, দ্বীপেন কোঁৱৰ,ৰঞ্জিত শর্মা, লাচিত পাটৰ, মেনাবৰ পাটৰ, কুসুম দেউৰী, শিৱৰাম ইংতি, প্রদীপ পাল , সজল মৃধা, আভাৰাণী মেধি কোঁৱৰ প্ৰমুখ্যে বুঢ়াৰজা গাঁৱৰ আৰু বহুতো বিশিষ্ট নাগৰিক।