নিয়মীয়া বাৰ্তা ২ জুনঃ আমচৈ অঞ্চলৰ কেকোঁৰা গাঁৱত ১ জুনৰ নিশা ১১ টা মান বজাত খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে বনৰীয়া হাতীটোৱে এঘৰত কুঁহিয়াৰ খোৱাৰ পিছত ৰাইজৰ খেদা খাই আহি আন এঘৰৰ ভৰাঁল ভাঙি ধান খাৱলৈ আৰম্ভ কৰোতেই গৃহস্তই টৰ্চ মাৰি দিয়াতত দক্ষিণ দিশত থকা ছাৰ্থে ৰংপি নামৰ এজন মানুহ এজনৰ ঘৰৰ পূৱ দিশত তামোল বাৰীত প্ৰৱেশ কৰে। সেই তামোল বাৰীত ছাৰ্থে ৰংপিয়ে বনৰীয়া হাতীৰ পৰা তামোল গছ ৰক্ষা বাবে নিজ গৃহৰ পৰা তাঁৰ টানি বিদ্যুতৰ বাল্ব এটা তামোল গছত ওলমাই ৰাখিছিল। বনৰীয়া হাতীটোৱে আহিতে শুৰেৰে বিদ্যুৎৰ চাকিটো ছিঙি পেলাৱ খোজোতেই বিদ্যুৎ স্পষ্টহৈ মৃত্যু মুখত পৰে। ৰাতিপুৱা এই বাতৰি প্ৰকাশ পোৱাৰ লগে লগে আমচৈ খণ্ড বন বিষয়া মুকুতা বৰ্মনৰ নেতৃত্বত বনকৰ্মী আৰু বন সুৰক্ষা বাহিনী আহি ঘটনাস্থলীত উপস্থিত বৈ বন বিভাগৰ নগাঁৱস্থিত কাৰ্যালয়ত জনায়। ইয়াৰ পিছতে নগাঁৱৰ এচি এফ শান্তনু বৰুৱা, ধৰমতুল আঞ্চলিক বন বিষয়া সঞ্জীৱ বৰদলৈ ঘটনাস্থলীত আহি মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বন বিভাগৰ জাগীৰোডত থকা পশু চিকিৎসক ডাঃ বীৰেন কাকতিয়ে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত এই বনবিষয়া সকলৰ উপস্থিতত জেচিবিৰে মৃত হাতীটোৰ গাতে থকা দক্ষিণ দিশৰ মাটিত বৃহত গাঁত খান্দি হাতীটোক পুতি পেলোৱা হয়। পশু চিকিৎসক ডাঃ বীৰেন কাকতিৰ পৰা জানিব পৰা মতে মৃত বনৰীয়া হাতীটোৰ বয়স পোন্ধৰ বছৰ মান হৈছে।