নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ আমচৈ অঞ্চলৰ উত্তৰ দিশেৰে বৈ থকা কপিলী উপনৈৰ পানী ওফন্দি আছে যদিও এতিয়াও মথাউৰি ছিগি যোৱা নাই যদিও আমচৈ অঞ্চলত বানপানী নোহোৱাকৈ থকা নাই। কপিলী উপনৈৰ দক্ষিণ পাৰত থকা পূৱবোলা, পশ্চিম বোলা, বৰালিমাৰী গাঁও পানীৰ তল যোৱাৰ পাছত নতুন কৈ বৰবড়ী, ধোৰাসাপ গাঁও, পুৰণা ভলুকাগুৰি ইত্যাদি গাঁৱত পানী সোমাই মানুহৰ ঘৰৰ ভেটি বুৰাই পেলাইছে । নেলী অঞ্চলৰ পশ্চিম দিশেৰে বৈ যোৱা কিলিং নদীৰ বাঢ়নী পানীয়ে এই বানপানীৰ সৃষ্টি কৰিছে। কিলিং নদীৰ পানী কপিলী উপনৈত পৰেগৈ। কপিলী উপনৈ পানীৰে উপচি পৰি থকা বাবেই পানী ওলাই যাব নোৱাৰি এই বানপানীৰ সৃষ্টি কৰিছে। ওলাই যাব নোৱাৰা পানী পূৱলৈ উজাই আহি এইবোৰ গাঁও নতুনকৈ প্লাৱিত কৰিছে। কিলিং নদীৰ বাঢ়নী পানীয়ে মৰিগাঁও জিলাৰ আলিচিঙা, শান্তিপুৰ, আমচৈ গেট, পূৱ ধৰমতুল আদি অঞ্চলতো বানপানীৰ সৃষ্টি কৰা দৃষ্টিগোচৰ হৈছে।