নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ আমচৈ খণ্ড বন কার্যালয় চৌহদত প্রেতাত্মাৰ বিচৰন হৈ থকা বুলি বিশ্বস্ত সূত্রে জানিব পৰা গৈছে। জানিব পৰা মতে যোৱা ৫ জুলাইৰ নিশা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ উত্তৰ দিশত থকা পুৰণা দুতলীয়া কাঠৰ চাং বাংলা ঘৰটোত মহেন্দ্ৰ সিং নামৰ এজন বনকর্মীয়ে ফাঁচী লৈ আত্মহনন কৰিছিল। সেই তেতিয়াৰ পৰা সেই বনকর্মীজনৰ প্রেতাত্মাই নিশা চৌহদটৌত ঘূৰি ফুৰিছে। নিশা হেনো সিঙৰ প্রেতাত্মাই হাফপেন্ট আৰু গেঞ্জি পিন্ধি পিঠিৰফাল দেখুৱাই থিয় হৈ থাকে। কেতিয়াবা নিশা কোনো বনকর্মীৰ থকা ঘৰৰ সন্মুখতো এনেকৈ পিঠিৰ ফালটো দেখিবলৈ পোৱাকৈ কঁকালত হাত দি থিয় দি থাকে। এই প্রেতাত্মা দর্শন আনকি বনকর্মী সকলৰ বাবেও ভয়ৰ কাৰণ হৈ পৰিছে। সেয়েহে বনকর্মী সকলে মহেন্দ্ৰ সিঙৰ আত্মাৰ সদগতিৰ বাবে আজি খণ্ড বন কার্যালয়ৰ সন্মুখত ৰভা সাজি ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।