নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত আশা স্বাস্থ্য কর্মী কৰ’নাত আক্রান্ত

নিয়মীয়া বাৰ্তা ,২৯ জুলাইঃ    আমচৈ ৰাজ্যিক চিকিৎসালয়ৰ লগত জড়িত দুগৰাকী আশা স্বাস্থ্য কর্মী ক’ৰোনাত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে । এই দুগৰাকী আশা স্বাস্থ্য কর্মী হ’ল চহৰী গাৱঁৰ ক্ষীৰমাই ডেকা আৰু আমচৈৰ তৃষ্ণা দে। আমচৈ ৰাজ্যিক চিকিৎসালয় সূত্রে জানিব পৰা মতে যোৱা ২২ জুলাইত নগাঁও জিলা স্বাস্থ্য বিভাগে আমচৈ ৰাজ্যিক চিকিৎসালয়ৰ লগত জড়িত সকলো স্বাস্থ্য কৰ্মীৰ ছোৱাব সংগ্ৰহ কৰি লৈ গৈছিল। ২৮ জুলাইত এই ছোৱাব পৰীক্ষাৰ ফলাফল অনুযায়ী এই দুগৰাকী আশা স্বাস্থ্য কর্মীৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা গৈছে। এই দুগৰাকী আশা স্বাস্থ্য কর্মীৰ শৰীৰত কোনো ধৰণৰ ক’ৰোনাৰ লক্ষণ বাহ্যিকভাৱে দেখিবলৈ পোৱা যোৱা নাই যদিও এওঁলোক দুয়ো জনকেই নিজ নিজ গৃহত ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। জানিব পৰা মতে ৭ দিনৰ পিছত এওঁলোকৰ স্বাস্থ্য পুনৰ পৰীক্ষা কৰা হ’ব। এওঁলোক কোনো ক’ৰোনা আক্রান্তৰ সংশ্রৱলৈ নহাকৈয়েই এনেকৈ কৰ’নাত আক্রান্ত হ’বলগীয়া হৈছে ।

You might also like