নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত হাতী মানুহৰ সংঘাত প্রতীৰোধৰ বাবে অভিনৱ ব্যৱস্থা

নিয়মীয়া বাৰ্তা ৭ জুনঃ আমচৈ অঞ্চলত চোৰাং কাঠ ব্যৱসায়ী আৰু খৰি ব্যৱসায়ী সকলে চলাই থকা ধ্বংস লীলাৰ বাবে বনাঞ্চল ক্রমে ক্রমে হ্ৰাস পাই আহিছে। ফলত অঞ্চলটোত হাতী আৰু মানুহৰ সংঘাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান এনেকুৱা অৱস্থা হৈছে যে প্রায় প্রতি নিশা খাদ্যৰ সন্ধানত বনৰীয়া হাতী অঞ্চলটোত থকা প্রৱেশ কৰি আছে। অঞ্চলটোত চলি থকা হাতী আৰু মানুহৰ এই সংঘাত প্রতিৰোধৰ বাবে আমচৈৰ মণি বৰা আৰু মৃণাল পাল নামৰ দুজন যুৱকে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। এওঁলোকে নিজা ববীয়াকৈ শিৱকুণ্ড পাহাৰ অঞ্চলত ভীমকল গছ আৰু অন্যান্য ফলমূলৰ গছ ৰোপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে এই ভীমকল গছ আৰু অন্যান্য ফলমূলৰ গছ ৰোপণ কৰা কার্য আৰম্ভ কৰি দিছে। এই যুৱক দুজনে আৰম্ভ কৰা কাৰ্যৰ প্রতি সঁহাৰি জনাই আমচৈ চাহ বাগিচাৰ উজ্বল বৰা নামৰ আন এজন যুৱ কর্মচাৰী আৰু আমচৈৰ চচিয়েল ৱেলফেয়াৰ এণ্ড ইকনমিকেল ডেভেলপমেন্ট চচাইটি নামৰ সংগঠনটোও সহায় কৰিবলৈ আগবাঢ়ি আহিছে । এই যুৱক দুজনে আমচৈ অঞ্চলত হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ পৰিপূৰণৰ কৰিব পৰাকৈ বনাঞ্চলত কমেও এজোপা কৈ গছ ৰোপণ কৰাৰ বাবে অঞ্চলটোত বসবাস কৰি থকা প্ৰতিজন মানুহক আহ্বান জনাইছে।

You might also like