লোককৃষ্টিৰ সাধকঃ অমূল্য কাকতী স্মাৰক বঁটা ধৰণী বণিক্যলৈ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ অসমৰ লোককৃষ্টিলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অভয়াপুৰীৰ ধৰণী বণিক্যলৈ সদৌ গুৱাহাটী ছাত্র সন্থাৰ ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসে আগবঢ়াইছে ‘স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা –২০২১’৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ ছাত্র–শিল্পী–সাহিত্যিক্ কল্যাণ ন্যাসে প্রতিবছৰে অসমৰ এগৰাকী বিশিষ্ট অভিনেতা, নাট্যকাৰ, চিত্র নাট্যকাৰ, প্রযোজক, পৰিচালক প্রয়াত অমূল্য কাকতীৰ সোঁৱৰণত অসমৰ কৃষ্টি–সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক ভাস্কর্য শিল্পী বীৰেন সিংহই তৈয়াৰ কৰা এটি স্মাৰক আৰু নগদ ধনেৰে এইবঁটা প্রদান কৰি আহিছে৷ ন্যাসৰ সভাপতি বীৰেন সিংহ আৰু সম্পাদক বিপুল ৰাভাই আজি এই ঘোষণা কৰি অহা ৯ ফেব্রুৱাৰীত দিনৰ ২ বজাত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রৰ প্রেক্ষাগৃহত লোককৃষ্টিৰ সাধকগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হ’ব বুলি জানিবলৈ দিছে৷ ইপিনে, এই বঁটা লাভ কৰাৰ পাছত স্বভাৱসুলভ হঁাহি মাৰিবণিক্যই কয়–‘বঁটা লাভে কর্ম কৰাৰ প্রেৰণা যোগায়৷ সদৌ গুৱাহাটী ছাত্র সন্থাই আগবঢ়োৱা এই বঁটাই মোক এক ন–শক্তি প্রদান কৰিলে আৰু মৃত্যুৰ আগমুহূর্তলৈকে সংস্কৃতিৰ বৰপথাৰখনত সেৱা আগবঢ়াই যোৱাৰ প্রেৰণা যোগালে৷’ তেওঁৰ নিচিনা এজন সংস্কৃতিৰ সৈনিকক ছাত্র সংগঠনটোৱে স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷
ইপিনে, শিল্পী ধৰণী বণিক্যই এই বঁটা লাভ কৰাৰ বাতৰি প্রচাৰ হোৱাৰ পাছতে অভয়াপুৰীৰ বিভিন্ন দল–সংগঠনে শিল্পীগৰাকীক অভিনন্দন জ্ঞাপন কৰে৷ অভয়াপুৰী জ্যোতি সাংস্কৃতিক অনুষ্ঠান, কলা পৰিষদ, বঙাইগাঁও জিলা ছাত্র সন্থা, লালমাটি–দুৰামাৰী গণেশ মন্দিৰ পৰিচালনা সমিতি, অভয়াপুৰী আঞ্চলিক ছাত্র সন্থা, অগপ উত্তৰ শালমাৰা জিলা সমিতি, শুক্লধবজ, অভয়াপুৰী স্বর্ণ শাখা সাহিত্য সভা, অভয়াপুৰী সাহিত্য চ’ৰা, কছমছ ক্লাব, বডিগাঁও লখিমী সংঘ, অভয়াপুৰী শিল্পী সমাজ আদিয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে৷ উল্লেখ্য যে শিল্পী ধৰণী বণিক্যৰ জন্ম হয় অভয়াপুৰীৰ বডিগাঁৱত ১৯৪৫ চনত৷ পিতৃ ৰামেশ্বৰ বণিক্য৷ মাতৃ ভূপতি বালা বণিক্য৷ পিতৃ ভাৰতীয় ধ্রুপদী সংগীতৰ সাধক৷ শিশু অৱস্থাতেই শিকিবলৈ লয় বীৰনাম৷ পাছলৈ শংকৰী সংস্কৃতিৰ অংগ নাগৰা, ভোৰতাল আদি বাদ্যযন্ত্র শিকাৰ পাছত পিতৃৰ তত্ত্বাৱধানতেই শাস্ত্রীয় সংগীতৰ তালিম লয়৷ সুমধুৰ কণ্ঠৰ বণিক্যই ইয়াৰ সমান্তৰালকৈ দোতাঁৰা, তবলা, চাৰেণ্ডা, চেক্সফোন, একোডিয়ান, চেহনাই, খোল, ঢুলকি আদি বজাবলৈ শিকে৷ শিল্পী বণিক্যই বেহেলা বজাবলৈ শিকে বিজনী ৰাজ ইষ্টেটৰ ৰজা ভৈৰৱেন্দ্র নাৰায়ণৰ ভতিজা অৱনী নাৰায়ণ দেৱৰ পৰা৷ ইতিমধ্যে বাঁহীবাদনত পার্গত হৈ উঠাবণিক্যই অৱনিন্দ্র নাৰায়ণ দেৱৰ সৈতে বেহেলা আৰু বাঁহীৰ যুগলবন্দীৰে ৰজা ভৈৰৱেন্দ্র নাৰায়ণ ভূপবাহাদুৰক মোহাৱিষ্ট কৰিবলৈ সক্ষম হৈছিল৷ অসম ষ্টাৰ নামৰ ভ্রাম্যমাণ থিয়েটাৰলৈ গৈ এবছৰ বাঁহীবাদক আৰু মেন্দোলিনবাদক হিচাপে থাকি পৰৱর্তী পাঁচ বছৰ সংগীত পৰিচালনাত থাকে৷ লখিমী থিয়েটাৰলৈ গৈ সান্নিধ্য লাভ কৰে শিল্পী জয়ন্ত হাজৰিকাৰ৷ প্রয়াত হাজৰিকৰ সৈতে ড০ নির্মলপ্রভা বৰদলৈৰ কেইবাটিও গীতত সুৰ কৰাৰ লগতে জয়ন্ত হাজৰিকাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনাও কৰে৷
আনপিনে, পৰৱর্তী সময়ত ৰূপালীম, আৰাধনা, সমন্বয়, শৰাইঘাট আদি ভ্রাম্যমাণ থিয়েটাৰত সংগীত পৰিচালনাৰ দায়িত্বত থাকে৷ তদুপৰি ভাৰতীয় শাস্ত্রীয় সংগীতৰ পাঠ্যক্রমৰ জৰিয়তে বাঁহী, বেহেলা আৰু কণ্ঠ সংগীতত বিশাৰদ ডিগ্রী লাভ কৰাৰ লগতে আকাশবাণী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন কণ্ঠশিল্পীৰ সৈতে বাদ্যযন্ত্রও সংগত কৰে৷ ১৯৭৩ চনত কলকাতালৈ গৈ এইচ এম ভি কোম্পানীত ই পি ৰেকর্ড আৰু অডি’ কেছেটত সংগীত পৰিচালনা কৰে৷ অল ইণ্ডিয়া ৰেডি’ই ‘বি’ হাইগ্রেডৰ যন্ত্র সংগীত শিল্পীৰ মর্যাদা প্রদান কৰে৷ ২০০৫ চনত শিল্পী পেন্সন লাভ কৰাবণিক্যই সংগীত সাধনাত ব্যস্ত তৰুণ প্রজন্মৰ মাজত সংগীত সাধনাক জনপ্রিয় কৰাৰ বাবে অহৰহ প্রচেষ্টা হাতত লৈছে৷ তেওঁ দীর্ঘদিন ধৰি লাভ কৰা বাঁহীবাদনৰ অভিজ্ঞতা–জ্ঞানক সাৰথি কৰি প্রকাশ কৰি উলিয়ায় ‘বাঁহী’ শীর্ষকবাঁহী শিক্ষাৰ গ্রন্থ৷ শিল্পী বণিক্যৰ বাঁহী গ্রন্থখনেই অসমীয়া সাহিত্যত প্রথম আৰু একমাত্র বাঁহী শিক্ষাৰ হাতপুথি৷