নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰীক্ষাত অসমৰ বিজ্ঞানীৰ সাফল্যঃ ক’ৰোনাৰ শেহতীয়া ৰূপ পৰীক্ষা কৰিব পৰা টেষ্ট কিট উদ্ভাৱন

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ নতুন ৰূপ লৈ ক’ভিড–১৯ ভাইৰাছে বিশ্বজুৰি পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইংলেণ্ডত বিৱর্তিত হোৱা নতুন ৰূপৰ ভাইৰাছবিধে ইতিমধ্যে অসমত প্রৱেশ কৰিছে৷ মিউটেটেড ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পেলাবলৈ কৰা পৰীক্ষাৰ ক্ষেত্রত এগৰাকী অসম সন্তানে গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে৷ তিনিচুকীয়াৰ যুৱক শুভাঞ্জন ভৌমিকে মানুহৰ দেহত নতুন ৰূপৰ ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পেলাবলৈ এটা অভিনৱ পৰীক্ষা পদ্ধতি উদ্ভাৱন কৰি উলিয়াইছে৷

ভৌমিকে জনোৱা মতে, তেওঁলোকে প্রস্তুত কৰা টেষ্ট কিটটোৱে শেহতীয়া প্রকাৰৰ ভাইৰাছ আৰু ভৱিষ্যতে বিৱর্তনৰ ফলত সৃষ্টি হোৱা নতুন প্রকাৰৰো ধৰা পেলাবলৈ সক্ষম হ’ব৷ ভৌমিক সম্প্রতি মুম্বাইৰ বেনকছ ৰিছার্চ প্রাইভেট লিমিটেডৰ নির্দেশক হিচাপে কর্মৰত৷ তেওঁৰ প্রতিষ্ঠানটোৱে আই চি এম আৰ, এন আই আৰ আৰ এইচৰ লগত সহযোগিতাৰে এই টেষ্ট কিট প্রস্তুত কৰিছে৷

বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ প্রাক্তন ছাত্র ভৌমিকৰ মতে, প্রতিষেধক প্রদানৰ সমান্তৰালভাৱে ক’ভিড–১৯ৰ পৰীক্ষাও চলি থাকিব৷ গতিকে এটা আনটোৰ পৰিপূৰক হ’ব৷ তেওঁ লগতে কয় যে স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্রতিষেধক প্রস্তুত কৰিবলৈ প্রতিষ্ঠানসমূহে প্রয়োজনীয় সময় নাপালে৷

অতি কম সময়ৰ ভিতৰত প্রস্তুত কৰিবলগীয়া হোৱা বাবে ভেকচিনসমূহ ১০০ শতাংশই কার্যক্ষম হোৱাৰ নিশ্চয়তা দিব নোৱাৰি৷ তদুপৰি প্রতিষেধক প্রদানৰ প্রক্রিয়া দীঘলীয়া আৰু সম্পূর্ণ হওঁতে বহু বছৰ লাগি যায়৷ গতিকে এটা ফলপ্রসূ পৰীক্ষা প্রণালীৰ সদায় প্রয়োজন হ’ব৷ এইক্ষেত্রত ভৌমিকে প্রস্তুত কৰা টেষ্ট কিটটো বহুক্ষেত্রত আন দিশতকৈ পৃথক হ’ব বুলিও তেওঁ দাবী কৰে৷ উল্লেখ্য যে তিনিচুকীয়াৰ চলিহা নগৰৰ দীপক ভৌমিক আৰু দেৱী ভৌমিকৰ পুত্র শুভাঞ্জন ভৌমিকে দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন্স কলেজ আৰু বায়’টেকন’লজী জামিয়া হামদাউৰ পৰাও শিক্ষা গ্রহণ কৰিছে৷

You might also like