বিশিষ্ট সাহিত্যিক–সমাজ বিজ্ঞানী অনিল ৰায়চৌধুৰীৰ প্রয়াণ
নিয়মীয়া বাৰ্তা ২ মেঃ বিশিষ্ট সমাজ বিজ্ঞানী, সুসাহিত্যিক, প্রগতিশীল চিন্তানায়ক তথা বর্ণিল ব্যক্তিত্বৰ অধিকাৰী অনিল ৰায়চৌধুৰীৰ আজি পুৱতিনিশা মহাপ্রয়াণ ঘটে৷ প্রবল যুক্তিবাদী আৰু বিজ্ঞানমনস্ক মনৰ অধিকাৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ চানমাৰিৰ নৱগিৰি পথত থকা নিজ বাসগৃহত বার্ধক্যজনিত কাৰণত শুকুৰবাৰে পুৱতিনিশা ৩.৫০ বজাত ইহলীলা সম্বৰণ কৰে৷ পৰলোকগামী হোৱাৰ সময়ত তেওঁৰ বয়স আলি ৯৪ বছৰ৷ সুনিপুণ কর্মবিচক্ষণতা আৰু দায়বদ্ধতাৰে দেশ তথা জাতিৰ উন্নয়নৰ কামত আজীৱন ব্রতী ৰায়চৌধুৰীৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ পৰে৷ বিশিষ্ট বামপন্থী নেতা, স্পষ্টবাদী তথা শুভচিন্তক অনিল ৰায়চৌধুৰীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকল৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা ১৫ মার্চত ঘৰত গা ধুবলৈ গৈ স্নানাগাৰত পৰি ভৰি ভাগিছিল ৰায়চৌধুৰীৰ৷ ২২ মার্চত তেওঁৰ অস্ত্রোপচাৰ কৰা হৈছিল৷ তেতিয়াৰ পৰা তেওঁ মানসিকভাৱে কিছু দুর্বল হৈ পৰিছিল৷ অৱশ্যে ইয়াৰ মাজতে তেওঁ ৱাকাৰ লৈ ঘৰৰ ভিতৰত খোজ কাঢ়িছিল৷ বৃহস্পতিবাৰে নিশা আহাৰ গ্রহণ কৰিছিল যদিও পৰৱর্তী সময়ত ৰায়চৌধুৰীয়ে তেজ–বমি কৰে আৰু পুৱতিনিশা শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে ১৯২৬ চনৰ ২৭ আগষ্টত বৰপেটা চহৰৰ ৰায়পাৰা (দক্ষিণহাটী)ত ৰায়চৌধুৰীৰ জন্ম হৈছিল৷ প্রয়াত দেৱেন্দ্র নাথ ৰায়চৌধুৰী আৰু গৌৰীবালা ৰায়চৌধুৰীৰ পুত্র অনিল ৰায়চৌধুৰী আছিল বিখ্যাৎ অম্বিকাগিৰী ৰায়চৌধুৰীৰ একে বংশৰ লোক৷ সৰুতেই মাতৃৰ বিয়োগ ঘটাত ৰায়চৌধুৰীয়ে জেঠীমাকহঁতৰ ঘৰত থাকি ১৯৩৫ চনত দক্ষিণহাটী প্রাথমিক বিদ্যালয়ত নামভর্তি কৰে৷ ইয়াৰ পিছত তেওঁ বৰপেটা বিদ্যাপীঠত নামভর্তি কৰে৷ বৰপেটা বিদ্যাপীঠত পঢ়ি থকা অৱস্থাত সেই সময়ৰ বৰপেটা চহৰত জুৱা, মদ আদিৰ প্রচলনে সমাজখন বিষাক্ত হৈ পৰাত বৰপেটাৰ দুই কৃতী সন্তান প্রসন্নলাল ৰায়চৌধুৰী আৰু গিৰীশ চন্দ্র চৌধুৰীৰ সান্নিধ্যত সেইবোৰৰ বিৰুদ্ধে এক জনমত গঢ়ি তুলিছিল৷ ৰায়চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈ ১৯৪৪ চনলৈকে শ্রেণী বর্জন কৰিছিল আৰু সেই বছৰতে মেট্রিক পৰীক্ষা দি কৃতকার্য হ’ব নোৱাৰি ঘৰৰ পৰা গৈ গুৱাহাটীত সৈন্যবাহিনীৰ কেৰাণী পদত সাক্ষাৎকাৰ দি চাকৰিত যোগদান কৰিছিল৷ পিছত দেউতাকে গম পাই বুজাই–বঢ়াই ঘৰলৈ আনি পুনৰ ১৯৪৫ চনত মেট্রিক পৰীক্ষা দি উত্তীর্ণ হৈ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভর্তি কৰে৷ কলেজত পঢ়ি থকা সময়তে ৰায়চৌধুৰীয়ে অসম আত্মৰক্ষী ফৌজ আৰু অসম জাতীয় মহাসভাৰ জিলা পর্যায়ৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰে৷ ১৯৪৭ চনত প্রাক্–বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাণিজ্য শাখাত নামভর্তি কৰে আৰু আলোচনী সম্পাদক নির্বাচিত হয়৷ পিছত বাণিজ্যৰ স্নাতক হয়৷ তাৰ পিছতে বামপন্থী দলত যোগ দিয়ে৷ গুৱাহাটী আকাশবাণী কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত গীতিকাৰ হিচাপে ৰায়চৌধুৰীয়ে ডেৰশ গীত লিখিছিল৷ অসম সচিবালয়, শিক্ষকতা, কেন্দ্রীয় আবকাৰী পৰিদর্শক আদি কৰি প্রায় আঠটা চাকৰি বাদ দি ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রশাসনীয় বিভাগৰ কর্মচাৰী হিচাপে চাকৰিত যোগদান কৰে৷ বিশ্ববিদ্যালয় কর্মীসংঘৰ সাধাৰণ সম্পাদকৰ উপৰি তেওঁ কার্যকৰী সভাপতি হিচাপে নির্বাচিত হৈছিল আৰু ১৯৬২, ১৯৬৫ আৰু ১৯৭৫ চনত গ্রেপ্তাৰ হৈ কাৰাবাস খাটিছিল৷ প্রায় ৩৭ বছৰ ৬ মাহ চাকৰি কৰি ১৯৮৮ চনৰ ৩০ জুনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷ ১৯৬৭ চনৰ পৰা তেওঁ সাহিত্য জগতত প্রৱেশ কৰে৷ প্রগতিশীল চিন্তা–চেতনাৰে উজ্জীৱিত ৰায়চৌধুৰীয়ে ১৯৭১ চনৰ পৰা প্রকাশিত নতুন পৃথিৱী নামৰ আলোচনী এখনৰ সম্পাদনা গোষ্ঠীৰ সৈতে জড়িত হয়৷ সামাজিক দায়বদ্ধতা আৰু বস্তুনিষ্ঠ বিচাৰ–বিশ্লেষণ আছিল ৰায়চৌধুৰীৰ অন্যতম বৈশিষ্ট্য৷ তেওঁৰ প্রকাশিত তথ্যসমৃদ্ধ, গৱেষণামূলক গ্রন্থসমূহ হ’ল জ্যোতি চেতনা, নামনি অসমৰ মধ্যশ্রেণী, অসমীয়া ভাষা দর্শন, নামনি অসমৰ সামাজিক পটভূমি, অসমৰ সমাজ ইতিহাসত নৱ বৈষ্ণৱবাদ, শত্রু আদি৷ তেওঁ সৌমাৰজ্যোতি, আৱাহন, বৰদৈচিলা, মণিদীপা আদি আলোচনীত বহুসংখ্যক তত্ত্বগধুৰ প্রবন্ধ লিখিছিল৷ ১৯৭১ চনত নতুন পৃথিৱী আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত হোৱা ৰায়চৌধুৰীয়ে ত্রিকোণ, কাণ্ডাৰী উপন্যাস, জ্যোতি চেতনা, নামনি অসমৰ মধ্যশ্রেণী, অসমীয়া ভাষা দর্শন, অসমৰ সমাজ ইতিহাসত নৱবৈষ্ণৱবাদ আহি বিভিন্ন গ্রন্থ ৰচনা কৰিছিল৷ ১৯৭৪ চনৰ মে’ মাহত দেশজুৰি চলা ৰে’ল শ্রমিকৰ ধর্মঘটৰ ওপৰত ৰচনা কৰা কাণ্ডাৰী নামৰ উপন্যাসখনেৰে সাহিত্যিক জীৱনৰ বিশেষ কৃতিত্ব লাভ কৰিছিল ৰায়চৌধুৰীয়ে৷ ৰায়চৌধুৰীৰ মৃত্যুত তেওঁৰ জন্মস্থান বৰপেটাত শোকৰ ছাঁ পৰিছে৷ আজীৱন সংগ্রামী সত্তাৰ অধিকাৰী ৰায়চৌধুৰীয়ে মৃত্যুৰ সময়ত দুজন পুত্র, দুগৰাকী কন্যা, বোৱাৰী, জোঁৱাই, ভাতৃ আৰু নাতি–নাতিনীসহ বহু আত্মীয়–স্বজন তথা বহু গুণমুগ্ধক এৰি যায়৷ মানৱদৰদী আৰু যুক্তিবাদী বিজ্ঞানমনস্ক লেখকগৰাকীৰ শেষ ইচ্ছা অনুসৰি আজি তেওঁৰ মৰণোত্তৰ দেহ মানৱ কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকর্ষ সাধনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক দান কৰা হয়৷ উল্লেখ্য যে ৰায়চৌধুৰীয়ে মৰণোত্তৰ নেত্রদানৰ ইচ্ছা পত্রতো স্বাক্ষৰ কৰি থৈছিল৷ কিন্তু বর্তমান ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ পৰিপ্রেক্ষিতত নেত্রদান সম্ভৱ নহ’ল৷ কাৰণ চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰ পৰাই এই সময়ত চকুৰ কর্নিয়া সংগ্রহত বাধা আছে৷ ইফালে পৰিয়ালৰ লোকে চিকিৎসালয়ত দেহ দান কৰাৰ পূর্বে প্রান্তিকৰ সম্পাদক প্রদীপ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ নির্মল কুমাৰ চৌধুৰী, শিল্পী লোকনাথ গোস্বামী, কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ ডীন দিব্যজ্যোতি মহন্ত আদি বহু গুণমুগ্ধই অনিল ৰায়চৌধুৰীৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শেষ বিদায় জনায়৷
বিশিষ্ট সাহিত্যিক অনিল ৰায়চৌধুৰীৰ বিয়োগত মুখ্যমন্ত্রীসহ বিভিন্নজনৰ শোক প্রকাশ
বিশিষ্ট সাহিত্যিক অনিল ৰায়চৌধুৰীৰ পৰলোকপ্রাপ্তিত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি এক বিবৃতিযোগে মুখ্যমন্ত্রী সোণোৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে প্রয়াত অনিল ৰায়চৌধুৰীয়ে অসমৰ সাহিত্য আৰু সমাজ জীৱনলৈ যি বলিষ্ঠ অৰিহণা আগবঢ়াই গৈছে, সেয়া ৰাজ্যখনৰ জনসাধাৰণে শ্রদ্ধাৰে স্মৰণ কৰিব৷ বিভিন্ন কাকত–আলোচনীত সমাজ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰাৰ উপৰি এগৰাকী ঔপন্যাসিক হিচাপেও তেখেতে ৰাজ্যৰ সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই গৈছে৷ ট্রেড ইউনিয়ন আন্দোলনত জড়িত হোৱাৰ উপৰি বিভিন্ন সংগঠনৰ নেতৃত্ব বহন কৰি তেওঁ সমাজসেৱাৰ উৎকৃষ্ট উদাহৰণ দেখুৱাই গৈছে৷ তেওঁৰ বিয়োগ ৰাজ্যখনৰ সাহিত্য তথা সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷ মুখ্যমন্ত্রীয়ে প্রয়াত ৰায়চৌধুৰীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ইফালে, বিশিষ্ট সাহিত্যিক–গীতিকাৰ অনিল ৰায়চৌধুৰীৰ মৃত্যুত নতুন সাহিত্য পৰিষদে গভীৰ শোক প্রকাশ কৰিছে৷ এক বিবৃতিত পৰিষদৰ হৈ পৰমানন্দ মজুমদাৰে কয় যে ৰায়চৌধুৰীৰ জীৱন পৰিক্রমা অসমৰ সমাজ জীৱনৰ ঘাত–প্রতিঘাতৰ লগত ওতপ্রোতভাৱে সাঙোৰ খাই আছে৷ তেওঁৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ পৰিষদে পুৰোধা ব্যক্তিজনৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে৷ অনিল ৰায়চৌধুৰীৰ মৃত্যুত চিপিআই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে গভীৰ শোক প্রকাশ কৰে৷ দলৰ জ্যেষ্ঠ নেতা উদ্ধৱ বর্মন, ৰাজ্যিক সম্পাদক ক্রমে সুপ্রকাশ তালুকদাৰ, ইছফাকুৰ ৰহমান, তপন শর্মা আদিয়ে তেওঁৰ ঘৰলৈ গৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইলোৰা বিজ্ঞান মঞ্চই অনিল ৰায়চৌধুৰীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে মানৱহিতৈষী প্রগতিশীল লেখকগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে৷ মঞ্চই তেওঁৰ শোকবিহ্বল পুত্র–কন্যা সমন্বিতে পৰিয়ালৰ সদস্যসকলৰ প্রতি সমবেদনা জ্ঞাপন কৰে৷