নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংহাৰ অব্যাহতঃ ৰাজ্যত ক’ভিডত পুনৰ ১৪ ব্যক্তিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যখনত ক’ৰোনাৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে৷ আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১৪গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুৱায়৷ ইয়াৰ লগে লগে ৰাজ্যখনত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩৫গৰাকীলৈ বৃদ্ধিপালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কালি ক’ৰোনাত আক্রান্ত হৈ ডিব্রুগড়ৰ সুজিত কুমাৰ দে’ (৬৭), কামৰূপ মহানগৰৰ পূজাৰী ৰয় (৬৪), নগাঁৱৰ সুবল চন্দ্র দেৱ (৭০), নলবাৰীৰ তাৰকেশ্বৰ চক্রৱর্তী (৪৯), কামৰূপৰ গজেন্দ্র কলিতা (৬৫), যোৰহাটৰ তৰণীকান্ত বৰা (৮২), জয়ন্ত বৰা (৫৪), পঞ্চানন গগৈ (৬৩), কাছাৰৰ মনোৰঞ্জন দেৱ (৮৭), শিৱসাগৰৰ কনক চাংমাই (৭৫), লখিমপুৰৰ ৰাণী দলে (২২), কার্বি আংলঙৰ স্বপন চক্রৱর্তী (৫২), নলবাৰীৰ ধনজিৎ ডেকা (৩৭) আৰু কামৰূপ মহানগৰৰ মহীৰাম শইকীয়াৰ (৮৪) মৃত্যু হয়৷

মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৬৩২গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ইয়াৰে ৩৮৭গৰাকী গুৱাহাটী মহানগৰীৰ, ১৪০গৰাকী যোৰহাটৰ আৰু ১১৮গৰাকী ডিব্রুগড়ৰ৷

কালিৰ দিনটোত ৰাজ্যখনত ৩৩,৬৫৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৪.৮৫ শতাংশ৷ মন কৰিবলগীয়া এয়ে যে কালি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৮৫,৪৪৪গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, কালি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ১,৮১৩গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷

কালিলৈকে মুঠ ১,৫০,৭৭৩গৰাকী লোক সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতি গৈছে৷ বর্তমান ৰাজ্যখনৰ বিভিন্ন হাস্পতালত ৩৩,৯৩৩গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

You might also like