নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ এনকাউন্টাৰ, ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা, ৰঙিয়া, ২৮মাৰ্চঃ ৰাজ্যত পুনৰ এনকাউন্টাৰ। ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ কামৰূপ আৰক্ষীৰ। পলাবলৈ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰী বিদ্যুৎ দেৱ ওৰফে বিপ্লৱক গুলীয়ালে আৰক্ষীয়ে। আহত অৱস্থাত জিএমচিএইচত ভৰ্তি সৰবৰাহকাৰী বিপ্লৱক। ৩ কোটি ৫০ লাখ টকা মুল্যৰ ৬৪৬ গ্ৰাম হিৰোইন জব্দ কৰিছে আৰক্ষীয়ে। আন এজন সৰবৰাহকাৰীক আটক। কামৰূপ আৰক্ষী অধীক্ষক হিতেশ ৰায়ে ৰঙিয়া থানাত এক সংবাদ মেল যোগে জানিবলৈ দি কয় যে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰী মণিপুৰৰ পৰা আহি থকা বুলি এক গোপন খবৰ লাভ কৰে। এই খবৰৰ ভিত্তিত কামৰূপ আৰক্ষীৰ এটা দলে দেওবাৰে নিশা ৰঙিয়াৰ বঙালীকুছিত খাপ পিটি থাকে।

এনে সময়তে AS01BN2633 নম্বৰৰ বলেৰ’ত দুজন যুৱক অহাত তালাচী চলায়। তালাচীৰ সময়ত গাড়ীখনৰ এক্সেলেটৰ আৰু চেছিছৰ ভিতৰত কেইবাটাও পেকেটত বৃহৎ পৰিমাণৰ হিৰোইন উদ্ধাৰ হয়। লগে লগে গাড়ীখনৰ চালকৰ লগতে মূল সৰবৰাহকাৰী বিদ‍্যুৎ দেৱ ওৰফে বিপ্লৱক ৰঙিয়া থানালৈ নিয়া হয়। জেৰাৰ সময়ত থানাত বিপ্লবে এটা পেকেট পেলাই থৈ অহা বুলি কয়। পিছত সেই ঠাইখিনিত পেকেটটো বিচাৰিবলৈ বিপ্লৱক লৈ যোৱা হয়। বিপ্লৱে তেতিয়া কাষতে থকা এজন কনিষ্টবলৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দুইজাঁই গুলী চলাবলগীয়া হয়। পিছত ভৰিত আঘাতপ্ৰাপ্ত বিপ্লৱক জিএম চি এইচত ভৰ্ত্তি কৰোৱা হয়।

You might also like