নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আনছাৰুল্লাহ বাংলাৰ জেহাদী আব্দুছক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ আজি পুৱতিনিশাৰ এক অভিযানত ধুবুৰী আৰক্ষীৰ এটি দলে জিলাখনৰ বিলাসীপাৰাৰ এটা দুৰ্গম চৰাঞ্চলৰ পৰা কুখ্যাত বাংলাদেশী জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সক্ৰিয় মডিউল এটাৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আজি পুৱতি নিশা ধুবুৰী আৰক্ষীৰ এটি দলে জিলাখনৰ বিলাসীপাৰাৰ নায়েৰ আলগা নামৰ এটা দুৰ্গম অঞ্চলত অভিযান চলাইছিল। সেই অভিযানকালত জিলাখনত সক্ৰিয় হৈ থকা এবিটিৰ মডিউল এটাৰ সদস্য আব্দুছ শুকুৰ আলী নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে। ধৃত সেই এবিটি সদস্যজনৰ ঘৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত। জানিব পৰা মতে, বৰ্তমানে ধৃত সেই এবিটি সদস্যজনক ধুবুৰীত জেৰা চলাই আছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত ঘটনা সন্দৰ্ভে বৰ্তমানলৈ আনুষ্ঠানিকভাবে একো সদৰী কৰা নাই ধুবুৰী আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like