নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ত ড্রাগছবিৰোধী সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ড্ৰাগছ অথবা নিচা জাতীয় দ্ৰব্য সেৱনকাৰীৰ সংখ্যা। ধ্বংসৰ মুখলৈ গতি কৰিছে ৰাজ্যৰ বহু নৱ প্ৰজন্ম। ধ্বংস হৈছে বহু পৰিয়াল। লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ। চৰকাৰ তথা প্রশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে যদিও এনেধৰণৰ দ্ৰব্য ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।মহামাৰী সদৃশ এই ব্যাধি সমাজৰ পৰা নিৰ্মূল কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে বৃহস্পতিবাৰে প্ৰেছ গীল্ড, ঢকুৱাখনা আৰু ৰেড ৰিবন ক্লাৱৰ উদ্যোগত ‘Stress Management Committee’ ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত এখনি “ড্রাগছ বিৰোধী সজাগতা সভা” অনুষ্ঠিত কৰা হয়। ৰেড ৰিবন ক্লাৱৰ সমন্বয়ক তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক পাৰ্থ প্ৰতীম বৰঠাকুৰে আঁতধৰা সজাগতা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতে। নিজৰ আদৰণি বক্তব্যত ডঃ সূতে কয় যে ঢকুৱাখনাতো ভয়াবহ ভাৱে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ উদ্দেশ্য ইতিমধ্যে আসক্ত সকলক ড্ৰাগছ কবলৰ পৰা মুক্ত কৰাৰ লগতে নতুনকৈ যাতে কোনো যুৱক -যুৱতীয়ে এই মাৰাত্মক বৰবিহৰ কৱলত নপৰে তাৰ প্ৰতি সচেতনতা জগাই তোলা।তেওঁ লগতে ড্ৰাগছৰ কৰালগ্ৰাসৰ পৰা কেনেদৰে নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পৰা যায় বা ইয়াক কেনেদৰে নির্মূল কৰিব পাৰে সেই সন্দৰ্ভত বক্তব্য প্রদান কৰে। সজাগতা সভাত মুখ্য সমল বক্তা হিচাপে উপস্থিত থাকি নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা লেখিকা ড°গীতাঞ্জলি দত্ত বৰুৱাই ভাষণ প্ৰসংগত কয় যে,বৰ্তমান সময়ত ড্ৰাগছে সমগ্ৰ বিশ্বতে চানি ধৰিছে আৰু ই সমাজখনক কোঙা কৰি ধৰিছে। তাৰ বিপৰীতে আমি সমাজ সচেতন ব্যক্তিসকল তথা ছাত্ৰ-ছাত্ৰীসকলে এই মাৰাত্মক দ্ৰব্যবোৰৰ পৰা আতৰাই আনিব লাগিব।ড০ দত্ত বৰুৱাই সাৱলীল ভাষণেৰে ড্ৰাগছ সেৱনৰ ভয়ানক ফলাফল আৰু ড্ৰাগছ আসক্তিৰ ফলশ্ৰুতিত এজন লোক কেনেকৈ তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ে। তাৰ বিশ্লেষণ কৰি এই মাৰাত্মক ব্যাধিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক দূৰতে বিদূৰ হৈ এখন সুন্দৰ সমাজ গঢ়িবলৈ আহ্বান জনায়।ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঁই, ঢকুৱাখনা মহকুমাৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অতুল খাউণ্ডে সমল ব্যক্তি হিচাবে ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে ড্ৰাগছ কি,যুৱ প্ৰজন্ম কিয় ড্ৰাগছৰ প্ৰতি দ্ৰুত হাৰত আসক্ত হৈছে, ড্ৰাগছ ব্যৱহাৰে কিদৰে এজন আসক্ত লোকৰ স্বাস্থ্যৰ ক্ষতি কৰি জীৱন চমু কৰে, এটা পৰিয়াল আৰ্থিক ভাৱে জুৰুলা হয়, ইয়াৰ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি, নতুন প্ৰজন্মত ড্ৰাগছৰ পৰা মুক্ত কৰি ৰখাত অভিভাৱক -অভিভাৱিকা আৰু সমাজৰ কৰণীয় আদি সকলো দিশতে সমল ব্যক্তি সকলে তথ্য সমৃদ্ধ আলোচনা আগবঢ়ায়। উল্লেখ্য যে এক চৰকাৰী সমীক্ষাত প্ৰকাশ যে বৰ্তমান ঢকুৱাখনা থানাৰ আৰক্ষী নিলিপ্ততাৰ ফলশ্ৰুতিত মহকুমাটোৱে লখিমপুৰ জিলাৰ ভিতৰত এক অদৰকাৰী আৰু অনাকংক্ষিত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। পূৰ্বে জিলাখনৰ ভিতৰত বান্দৰদেৱা এলেকাত ড্ৰাগছৰ বেহা আৰু ব্যৱহাৰ সৰ্বাধিক আছিল, কিন্তু আজিৰ তাৰিখত বান্দৰদেৱা, উত্তৰ লখিমপুৰ আৰু লালুক আদি ঠাইক পিছ পেলাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৪০-৪৫ কিলোমিটাৰ ভিতৰত অৱস্থিত ঢকুৱাখনাই ড্ৰাগছৰ বেহা আৰু ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে। এই অহেতুক অভিলেখত আজিৰ সজাগতা সভাত বক্তব্য ৰখা প্ৰতিগৰাকী বক্তাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ অধ্যাপক সমন্বিতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সজাগতা সভাত প্ৰেছ গীল্ড ঢকুৱাখনাৰ সভাপতি তোলন চন্দ্ৰ দত্ত, সম্পাদক পুলকজ্যোতি বৰাকে প্ৰমুখ্যে কৰি গীল্ডৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like