নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণালী ত্রিভুজৰ পৰা ম্যানমাৰ হৈ অসমলৈ সৰবৰাহ ব্রাউন ছুগাৰ–হেৰ’ইন–মেথামফেটামাইন

ড্রাগ্ছবিৰোধী অভিযান: ৫০ দিনত ৭২৯ গোচৰ–ধৃত ১২৬২

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ  নৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে বিজেপি নেতৃত্বাধীন দ্বিতীয়টো কার্যকালৰ মিত্রজোঁট চৰকাৰখনে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অসম আৰক্ষীয়ে ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ শপতগ্রহণৰ পাছতে যোৱা ১০ মে’ৰ পৰা ৩০ জুন পর্যন্ত এই ৫০ দিনৰ ভিতৰতে আৰক্ষীৰ জালত বহু ড্রাগ্ছ মাফিয়া–সৰবৰাহকা জালত পৰাৰ বিপৰীতে জব্দ হৈছে বৃহৎ পৰিমাণৰ বৰবিহ৷

অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ এক লিখিত প্রশ্নৰ উত্তৰত সোমবাৰে সদনৰ মজিয়াত এই সম্পর্কীয় বিশদ তথ্য সদৰী কৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ প্রকাশ কৰা অনুসৰি উক্ত সময়ছোৱাত মুঠ ৭২৯টা গোচৰ পঞ্জীয়ন আৰু ১,২৬২জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ তদপুৰি ১৬.৭৩৪ কিলোগ্রাম হেৰ’ইন, ৬,৮৭৬.৪২৪ কিলোগ্রাম গাঞ্জা, ১০.২৮০২৭ কিলোগ্রাম অপিয়াম, ক’ডেইন বেষ্ট কফ ছিৰাপ ৫৮,৫৮২টা বটল, টেবলেট/কেপছুল ৯,৫৬,০৮০টা, ম’ৰফিন ১.৯২৯২ কিলোগ্রাম, প’পি ষ্ট্র ৩,৩১৪ কিলোগ্রাম আৰু ক্রাইষ্টল মেথামফেটাইমাইন ৩.০০০ কিলোগ্রাম জব্দ কৰা হৈছে৷ উক্ত সময়ছোৱাত নগদ ৮৪,১৫,২৭০ টকা জব্দ কৰাৰ লগতে ৩১ বিঘা ৩ কঠা ১২ লেচা মাটিৰ ভাং খেতি বিনষ্ট কৰে অসম আৰক্ষীয়ে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে জব্দকৃত বৰবিহৰ আনুমানিক বজাৰ মূল্য ১৩২.৩৬ কোটি টকা৷ অসমত চলি থকা ড্রাগ্ছৰ বজাৰখনৰ নিয়ন্ত্রণ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰে৷ তেওঁ কয় যে ড্রাগ্ছ সন্দর্ভত অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তদন্তত কিছুসংখ্যক ক্ষেত্রত অন্য চুবুৰীয়া ৰাজ্যৰ পৰা নিয়ন্ত্রণ হোৱা গম পোৱা যায়৷

অসমত প্রচলিত সৰহভাগ নিষিদ্ধ মাদক দ্রব্যসমূহৰ ভিতৰত হেৰ’ইন, ব্রাউন ছুগাৰ, মেথামফেটামাইন টেবলেট ইত্যাদি ম্যানমাৰ–লাওছ–থাইলেণ্ড সংযোগী ‘সোণালী ত্রিভুজ’ হিচাপে খ্যাত অঞ্চলত উৎপন্ন হয় আৰু ম্যানমাৰৰ পৰা মূলতঃ মণিপুৰ–মিজোৰাম হৈ অসমলৈ সৰবৰাহ হয়৷ অসমৰ মাজেৰে প্রেৰণ কৰা হয় দেশৰ অন্যান্য ৰাজ্যসমূহলৈ৷ মাদক দ্রব্য হিচাপে ব্যৱহাৰ কৰা ফেন্সিডাইল, কৰেক্স, এছকফ আদি কফ ছিৰাপ তথা ঔষধজাতীয় সামগ্রীসমূহ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আহে৷ ইয়াৰ উপৰি চুবুৰীয়া ৰাজ্য মণিপুৰ, ত্রিপুৰা, অৰুণাচল প্রদেশ আদিত গাঞ্জা উৎপাদন হয় আৰু বিভিন্ন পথেৰে অসমত প্রৱেশ কৰে৷ ইয়াৰে কিছু অসমত বিক্রী হোৱাৰ বিপৰীতে সৰহভাগ অসম তথা অন্য ৰাজ্য হৈ ভিন্ন প্রান্তলৈ সৰবৰাহ হয়৷

ইফালে, ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত ড্রাগ্ছ আসক্তসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like