নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবোধৰ আদর্শৰে ছাত্র–ছাত্রীক শক্তিশালী অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্রীৰ

মেট্রিকৰ ১৬,৯৪৪ কৃতী শিক্ষার্থীক আনন্দৰাম বৰুৱা বঁটা প্রদান

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ   চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰসহ সুখ্যাতিৰে উত্তীর্ণ হোৱা ১৬,৯৪৪গৰাকী মেধাৱী ছাত্র–ছাত্রীক ২০২০ বর্ষৰ আনন্দৰাম বৰুৱা বঁটা প্রদান কৰা হয়৷ বঁটাপ্রাপক ছাত্র–ছাত্রীসকলক লেপটপ ক্রয়ৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত ২০ হাজাৰ টকাকৈ প্রত্যক্ষ হস্তান্তৰৰ জৰিয়তে আগবঢ়োৱা হয়৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুটাম টিপি ছাত্র–ছাত্রীসকলৰ একাউণ্টলৈ সেই ধনৰাশি হস্তান্তৰ কৰাৰ লগতে ৫গৰাকী ছাত্র–ছাত্রীক চেক্ আৰু প্রমাণ–পত্র প্রদান কৰে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৩৪ কোটি টকা মোকলাই দিয়ে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে নিজ ভাষণত কয় যে ২০১৬ চনত বর্তমানৰ চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰিয়েই ৰাজ্যখনৰ সম্পদ–সম্ভাৱনা–শ আৱিষ্কাৰৰ বাবে ‘ডিস্ক’ভাৰী অৱ আছাম’ কার্যসূচী আৰম্ভ কৰে৷ সকলোৱে যাতে শিক্ষা গ্রহণ কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰিছে৷ ছাত্র–ছাত্রীসকলৰ ভৱিষ্যৎ নির্মাণৰ বাবেই নতুনকৈ ৮খন মেডিকেল কলেজ, ৯খন ইঞ্জিনীয়াৰিং কলেজ, ৩২খন পলিটেকনিক, ক্রীড়া বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয়কে ধৰি বহুকেইখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে৷ জ্ঞানেই শক্তি বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে একাগ্রতা, শৃংখলাবদ্ধ জীৱন যাপনেৰে অধ্যয়ন কৰি দশম শ্রেণীৰ ফলাফলত কৃতিত্ব অর্জন কৰা ছাত্র–ছাত্রীসকলে অনাগত দিনতো সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য স্থিৰ কৰিব লাগিব৷ ছাত্র–ছাত্রীসকলক মূল্যবোধৰ আদর্শৰে অনুপ্রাণিত হৈ নিজৰ লগতে অসমক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনাই কয় যে তেওঁলোকক লৈ কেৱল পিতৃ–মাতৃয়েই নহয়, সকলোৱে আশাৰে চাই আছে৷ সেয়ে শিক্ষার্থীসকলে নিজৰ কর্মদক্ষতাৰ জৰিয়তে অসমক ভাৰতৰ লগতে বিশ্বৰ বুকুত প্রতিষ্ঠা কৰিব লাগিব৷ ইপিনে অনুষ্ঠানত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ২০০৫ চনত ৰাজ্য চৰকাৰে মেট্রিকত সুখ্যাতিৰে উত্তীর্ণ ছাত্র–ছাত্রীৰ বাবে আনন্দৰাম বৰুৱা বঁটা প্রৱর্তন কৰা হৈছিল৷ সেই বছৰ ১২,৭৫৬গৰাকী কৃতী ছাত্র–ছাত্রীয়ে সেই বঁটা লাভ কৰে৷ প্রতি বছৰে চৰকাৰে এই বঁটা প্রদান কৰি আহিছে৷ এতিয়ালৈ ৩,৭৩,৮৫৫গৰাকী কৃতী ছাত্র–ছাত্রীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰে গ্রহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিৰ মাজত এই আঁচনিখন এতিয়া ধ্বজাবাহী আঁচনিয়েই নহয়, মৰমৰ আঁচনি হৈ পৰিছে৷ এই আঁচনিখন প্রৱর্তনৰ পাছতেই ৰাজ্যত জ্ঞান আৰু প্রজ্ঞাৰ নৱজাগৰণ হৈছে৷ অসমৰ শৈক্ষিক জীৱনে ২০০৫ চনৰ পৰা প্রাণ পাবলৈ আৰম্ভ কৰে৷ যোৱা কেইটামান বছৰত অসমীয়া ল’ৰা–ছোৱালীয়ে ৰাষ্ট্রীয় পর্যায়ত নতুন কিৰণ ৰূপে উজলি উঠিছে৷ শেহতীয়াকৈ সাক্ষৰতাৰ হাৰৰ ক্ষেত্রত অসম দেশৰ ৫খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে৷ শিক্ষাক সর্বজনৰ ওচৰলৈ নিয়াৰ ক্ষেত্রত অসমে দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে৷ ২০১৬ চনত অসমত ৰাজনৈতিক পৰিৱর্তনৰ পাছত কলেজ পর্যায়লৈ বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যপুথি প্রদানৰ পদক্ষেপ গ্রহণৰ পাছত ৰাজ্যৰ শৈক্ষিক ক্ষেত্র জীৱন্ত আৰু প্রাণৱন্ত হৈ উঠিছে৷ অহা ৫ বছৰলৈ এই শৈক্ষিক নৱজাগৰণৰ যাত্রা অব্যাহত থাকিলে দেশৰ জ্ঞান আৰু প্রজ্ঞাৰ আন্দোলনত অসমে গুৰুত্বপূর্ণ স্থান পাবলৈ সক্ষম হ’ব৷ শিক্ষক নিযুক্তি প্রক্রিয়া ৰাজনীতিৰ পৰা আঁতৰাই অনাৰ লগতে দৰিদ্র আৰু আর্তজনৰ বাবে উচ্চ শিক্ষাক প্রচাৰ আৰু প্রসাৰৰ পদক্ষেপ গ্রহণৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়েও ভাষণত তেওঁ উল্লেখ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে মেট্রিকত সুখ্যাতিৰে উত্তীর্ণ ছাত্র–ছাত্রীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত লেপটপ দিয়াৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রীসকলক ড০ বাণীকান্ত কাকতি বঁটাৰ অধীনত একোখনকৈ স্কুটী প্রদান কৰা হ’ব৷ অহা ডিচেম্বৰ মাহত এই স্কুটী প্রদান কৰা হ’ব৷ এই বঁটাই শৈক্ষিক খণ্ডত নতুন প্রতিযোগিতাৰ পৰিৱেশ সৃষ্টি কৰাৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমক জ্ঞান আৰু প্রজ্ঞাৰ নতুন কেন্দ্র হিচাপে গঢ়িব পৰা যাব৷ সেইদৰে ৰাজ্যখনৰ এহাজাৰখন চৰকাৰী শিক্ষানুষ্ঠানক বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্রত্যাহ্বান আঁচনিৰ সৈতে জড়িত কৰাৰ বাবে শিক্ষা বিভাগে প্রস্তুতি চলাইছে৷ অহা নৱেম্বৰ মাহত সেই যাত্রা আৰম্ভ হ’ব৷ ভাষণত তেওঁ আৰু কয় যে সমগ্র দেশৰ ভিতৰত অসমেই স্বাস্থ্য আৰু শিক্ষা উভয় খণ্ডতে জি ডি পিৰ ৬ শতাংশ ব্যয় কৰি আহিছে৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতি গ্রহণৰ মুহূর্তত ইয়াৰ বাবে অসমে ৰাষ্ট্রীয় মাধ্যমতো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাষণত মন্ত্রী ড০ শর্মাই মেট্রিকত সুখ্যাতিৰে স্থান লাভ কৰি উত্তীর্ণ হোৱা বহু মেধাৱী ছাত্র–ছাত্রী পৰৱর্তী পর্যায়ত হেৰাই যোৱাৰ কথা উল্লেখ কৰি কয় যে এনেদৰে হেৰাই যোৱা প্রতিটো সম্পদ জাতীয় জীৱনৰ ডাঙৰ ক্ষতি৷ ইয়াৰ বাবে প্রতিগৰাকী ছাত্র–ছাত্রীয়ে এতিয়াই সংকল্প ল’ব লাগিব হেৰাই নোযোৱাৰ৷ তেওঁলোকক লৈ পিতৃ–মাতৃয়ে যি সপোন দেখি আহিছে, সেই সপোন ৰূপায়িত কৰাৰ বাবে প্রত্যেকে সংকল্প লৈ সংকল্প সিদ্ধিলৈ পৰিৱর্তন কৰিব লাগিব৷ তেনে জীৱনহে আটাইতকৈ সফল জীৱন৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ এম কে চৌধুৰী, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই, ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তী, মাধ্যমিক শিক্ষা সঞ্চালক ফণীন্দ্র জিডুং, প্রাথমিক শিক্ষা সঞ্চালক বিজয়া চৌধুৰী, এমট্র’নৰ সঞ্চালক এম কে যাদৱ আৰু বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে৷

You might also like