যোগীঘোপাৰ চলন্তাপাৰা পৰীক্ষা কেন্দ্ৰত উদ্বেগজনক ফলাফলঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল সন্তোষজনক
নিয়মীয়া বাৰ্তা, ৭ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যায়ৰ পৰীক্ষা কেন্দ্ৰত হাইস্কুল আৰু হাই মাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষাৰ নিৰাশজনক ফলাফলক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল । আজি ঘোষণা কৰা ফলাফলত পৰীক্ষা কেন্দ্ৰটোৰ পৰা মাত্ৰ ২৮°৭৬ শতাংশ শিক্ষাৰ্থীহৰ উত্তীৰ্ণ হবলৈ সমৰ্থ হৈছে ।কেন্দ্ৰটোত অৱতীৰ্ণ হোৱা মুঠ ১১৫২ গৰাকী শিক্ষাৰ্থীৰ মাত্ৰ ৩৩১ গৰাকী উত্তীৰ্ণ হয় । ইয়াৰে ৮৭ গৰাকী প্ৰথম বিভাগত, ১২৭ গৰাকী দ্বিতীয় বিভাগত আৰু ১১৭ গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।কেন্দ্ৰটোৰ অধীনস্থ চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৩০৩ গৰাকী শিক্ষাৰ্থীৰ ৯৩ গৰাকী উত্তীৰ্ণ হৈছে । ইয়াৰে দুগৰাকী ডিষ্ট্ৰিংচন আৰু পাঁচগৰাকী ষ্টাৰ নম্বৰসহ ২৯ গৰাকী প্ৰথম বিভাগত, ৪২ গৰাকী দ্বিতীয় বিভাগত আৰু ২২ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । চলন্তাপাৰা ছোৱালী উচ্চ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৫৪ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত আৰু তৃতীয় বিভাগত দুগৰাকীসহ সৰ্বমুঠ তিনিগৰাকী উত্তীৰ্ণ হয় । ছেদামাৰী হাইস্কুলত মুঠ অৱতীৰ্ণ হোৱা ৭৭ গৰাকী শিক্ষাৰ্থীৰ ৬ গৰাকী প্ৰথম বিভাগত ,১০ গৰাকী দ্বিতীয় বিভাগত আৰু ১০ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । বিদ্যালয়খনত সৰ্বমুঠ ২৬ গৰাকীয়ে উত্তীৰ্ণ হয় । গোবিন্দ সোঁৱৰণী হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ১৬৮ গৰাকী শিক্ষাৰ্থীৰ ৩ গৰাকী ডিষ্ট্ৰিংচন আৰু ৪ গৰাকী ষ্টাৰ নম্বৰ সহ ১১ গৰাকী প্ৰথম বিভাগত, ১৪ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ১৪ গৰাকীসহ সৰ্বমুঠ ৩৬ গৰাকী উত্তীৰ্ণ হয় । কাবাইটাৰী হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ৪১ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী ডিষ্ট্ৰিংচন আৰু ৪ গৰাকী ষ্টাৰ নম্বৰ সহ ১০ গৰাকী প্ৰথম বিভাগত,৫ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ৪ গৰাকীসহ সৰ্বমুঠ ১৯ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । কচুদোলা হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ১৮৫ গৰাকী শিক্ষাৰ্থীৰ ২ গৰাকী ডিষ্ট্ৰিংচন আৰু এগৰাকী ষ্টাৰ নম্বৰ সহ ১১ গৰাকী প্ৰথম বিভাগত,১৫ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ২০ গৰাকীসহ সৰ্বমুঠ ৪৬ গৰাকী উত্তীৰ্ণ হয় । খোৰাগাঁও হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ৭৯ গৰাকী শিক্ষাৰ্থীৰ ৩ গৰাকী প্ৰথম বিভাগত,১৪ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ১৯ গৰাকীসহ সৰ্বমুঠ ৩৬ গৰাকী উত্তীৰ্ণ হয় । কৰেয়া হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ৮৪ গৰাকী শিক্ষাৰ্থীৰ ৬ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ৭ গৰাকীসহ সৰ্বমুঠ ১৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় । কুমাৰকাটা হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ৯৯ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী ডিষ্ট্ৰিংচন আৰু দুগৰাকী ষ্টাৰ নম্বৰ সহ ১০ গৰাকী প্ৰথম বিভাগত,১৫ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ১৫ গৰাকীসহ সৰ্বমুঠ ৩৭ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় ।পাচনীয়া হাইস্কুলত অৱতীৰ্ণ হোৱা মুঠ ১০৭ গৰাকী শিক্ষাৰ্থীৰ এগৰাকী ডিষ্ট্ৰিংচন আৰু ৩ গৰাকী ষ্টাৰ নম্বৰ সহ ৫ গৰাকী প্ৰথম বিভাগত,৬ গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ১১ গৰাকীসহ সৰ্বমুঠ ২২ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয় ।অঞ্চলটোত চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।অঞ্চলটোৰ বালাপাৰাৰ জোনাকী বিদ্যাপীঠৰ ছাত্ৰী মৌচুমী আহমেদে ঐচ্চিক গনিতত ১০০ নম্বৰ সহ ডিষ্ট্ৰিংচন আৰু আনজুমা খাতুনে ডিষ্ট্ৰিংচন লাভ কৰি উত্তীৰ্ণ হয় । ঘোষণা কৰা ফলাফল মতে, বিদ্যালয়খনৰ পৰা ১০ গৰাকী প্ৰথম বিভাগত,১১ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় । ইপিনে যোগীঘোপাৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী অৰ্পিতা কলিতাই ৬ টা বিষয়ত লেটাৰসহ চলন্তাপাৰা পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে । বিদ্যালয়খনৰ ৩ গৰাকী ডিষ্ট্ৰিংচন , ৪ গৰাকী ষ্টাৰ নম্বৰসহ ১১ গৰাকী প্ৰথম বিভাগত ,৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । কাবাইটাৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী মল্লিকা পাঠকে ডিষ্ট্ৰিংচন লাভ কৰাৰ লগতে বিদ্যালয়খনৰ পৰা ১২ গৰাকী প্ৰথম বিভাগত, ৬ গৰাকী দ্বিতীয় আৰু ৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।বালাপাৰাস্থিত প্ৰগতি একাডেমিৰ ৪ গৰাকী প্ৰথম বিভাগত, ৬ গৰাকী দ্বিতীয় বিভাগত আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস