নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত জাপানিজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ

বিশেষ বাৰ্তা, ১১ জুলাই : বানৰ বিভীষিকাময় পৰিস্থিতিৰ পিছত নলবাৰীত জাপানিজ এনকেফেলাইটিজ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনত এই ৰোগত ইতিমধ্যে কেইবাজনো আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। জিলাখনৰ দক্ষিণ প্ৰান্তৰ চান্দকুছি গাঁৱৰ ৬০ বছৰীয়া এজন লোক জাপানিজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে উত্তৰ বাঁহজানীৰ চান্দকুছি (বুজৰ বৰুৱা চুবুৰি) গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মণ্টু মল্ল  বুজৰ বৰুৱা জাপানিজ এনকেফেলাইটিজত আক্ৰান্ত হৈ বিগত প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে উক্ত শিক্ষকগৰাকী জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱাটো নিশ্চিত হৈ পৰাৰ পিছতে স্বাস্থ্য বিভাগে উক্ত অঞ্চলটোৰ ৰোগবিধৰ সজাগতা মূলক কাৰ্যসূচী আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like