নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাংশ সংবাদ মাধ্যমে কংগ্ৰেছৰ ভিতৰুৱা কথাতহে হকে-বিহকে অধিক গুৰুত্ব দিয়েঃ ভূপেন বৰা

  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: সমগ্ৰ ৰাষ্ট্ৰ জোকাৰি যোৱা কেইটামান উত্তৰ মোদীৰ পৰা কংগ্ৰেছে আজি পৰ্যন্ত নোপোৱাত অৱশেষত সমগ্ৰ দেশ জুৰি ব্যাপক আন্দোলন কৰাৰ সিধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে–এই ভাষ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ।ডিব্ৰুগড় আয়োজিত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক সভাপতি বৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে পাঁচখন এয়াৰক্ৰাফ্ট প্ৰদান নকৰাৰ বাবেই ৪০ গৰাকীকৈ চি আৰ পি এফ জোৱানক অকালতে হেৰুৱাব লগাৰ দৰে দুখজনক ঘটনা সংঘটিত হৈছে।পোলৱামাৰ ঘটনাক প্ৰধানমন্ত্ৰী মোদীয়ে গাপ দিব বিচৰা কাৰ্যক সংবাদ মেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ সন্দৰ্ভত চিবিআয়ে প্ৰধানমন্ত্ৰীকো জেৰা কৰাৰ  প্ৰয়োজনীয়তা আছে বুলিও মত প্ৰকাশ কৰে।

 

প্ৰাক্তন সেনা প্ৰধান শংকৰ ৰায় চৌধুৰীৰ প্ৰসংগৰে কেন্দ্ৰীয় চোৰাংচোৱা চূড়ান্তভাবে বিফল বুলি কৈ ৬৪৫০ কোটি টকা বিজ্ঞাপনতে প্ৰধানমন্ত্ৰী মোদীয়ে খৰচ কৰাৰ অভিযোগ কৰি এতিয়া সত্যপাল মালিকক চি বি আইৰ চমন দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী আৰু ৰাম মাধৱকো জেৰা কৰিব লাগে বুলি ভূপেন বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।আনহাতেদি সত্যপাল মালিকক গ্ৰেপ্তাৰ কৰিব বিছৰা কাৰ্যক গৰিহণা দি সত্যপাল মালিকে অনা শিহৰণকাৰী অভিযোগৰ লগতে সত্যপাল মালিকক কংগ্ৰেছে সমৰ্থন কৰে বুলিও সদৰী কৰি শীঘ্ৰেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা স্পষ্টীকৰণ নাপালে অসমটো সকলো ৰাজনৈতিক দলৰ সৈতে অহা ২৭ এপ্ৰিলত এক সভাৰ আয়োজন কৰা বুলি উল্লেখ কৰি গুৱাহাটীত হ’ব লগা এই আলোচনাত ১১ টাকৈ বিৰোধী ৰাজনৈতিক দলক নিমন্ত্ৰণ কৰা হৈছে বুলিও সংবাদ মেলত জানিব দিয়ে।প্ৰবীণ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন পৌৰপতি চন্দ্ৰকান্ত বৰুৱাসহ একাধিক কংগ্ৰেছী নেতা উপস্থিত থকা সংবাদ মেলত শেহতীয়াকৈ কংগ্ৰেছৰ ৰাজনীতিত দেশজোৰা তোলপাৰ লগোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ প্ৰসঙ্গত সোধা প্ৰশ্নৰ উত্তৰত ফালৰি কাটি ৰাজ্যিক সভাপতি ভূপেন বৰাই বিজেপি দলতহে নাৰীৰ মৰ্যদা নাথাকে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

 

তেওঁ অভিযোগ কৰি কয় যে তিনিচুকীয়া জিলাৰ বৰডুবি থানাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বিজেপি নেতাই ধৰ্ষণ কৰিছিল।সেই ঘটনাৰ সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়াৰ পাছতো কিন্তু কোনো ন্যায় লাভ নকৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে।যাৰ বাবে মানসিক হেঁচাত পৰা কিশোৰী গৰাকীৰ মাকে ইতিমধ্যেই আত্মহত্যা কৰিব লগা হয় বুলি দাবী কৰি পুলিচ যদি বেংগালোৰ পাব পাৰে!দিল্লী পাব পাৰে!ৰাজ্যৰ বাহিৰলৈ যাব পাৰে? তেন্তে কিয় তিনিচুকীয়াৰ বৰডুবীলৈ আহিব নোৱাৰে বুলিহে ওলোটাই প্ৰশ্ন কৰে।

 

আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত  গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ বছোৱাৰ স্বাৰ্থত অসমত বিজেপিৰ বিৰূদ্ধে কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বুলি কয়।দেশৰ ২৮ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ সতে এই বিষয়ত আলোচনা চলি আছে যদিও স্পষ্টকৈ এতিয়াই সকলো উল্লেখ কৰিব নোৱাৰাৰ কথা প্ৰকাশ কৰি একাংশ সংবাদ মাধ্যমে কংগ্ৰেছৰ ভিতৰুৱা কথাতহে হকে -বিহকে অধিক গুৰুত্ব দিয়ে বুলিও টিপ্পনী কৰি বিজেপিৰ ভিতৰুৱা কন্দল সমুহ তেওঁলোকে প্ৰচাৰ নকৰে বুলি আক্ষেপৰে কয়।অবশ্যে কংগ্ৰেছৰ এনেবোৰ কথাই সমাজৰ বিশেষ ক্ষতি নকৰে বুলি ভূপেন বৰাই উল্লেখৰে, কিন্তু শাসকীয় দলৰ ভিতৰুৱা কথাই,কাজিয়াই সমাজত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে।আনহাতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত খালিস্তানী নেতা ইজনৰ পাছত সিজন অনা প্ৰসংগ উৎথাপন কৰি অসমৰ ডিব্ৰুগড়ত এতিয়া ৰাষ্ট্ৰদোহৰ অপৰাধত অভিযুক্ত সকল ভৰি পৰা বুলি কয়। সাধাৰণতে অসমলৈ পৰ্যটক সকল আহে বুলি সকলোতে সুনাম আছে।এতিয়া সেই পৰিবেশৰ বিপৰীতে নতুন মুখ্যমন্ত্ৰীয়ে নতুন পৰ্যটক আনিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।
You might also like