নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুন মাহত ৫০৮.৪৮ কোটি টকা সংগ্রহ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক্রমাগত লোকচানৰ দিশে গতি কৰি থকা শক্তি বিভাগে শেহতীয়াকৈ বিদ্যুৎ চুৰি ৰোধত গ্রহণ কৰা কঠোৰ পদক্ষেপৰ বাবে জুন মাহত অভিলেখ হাৰত সংগ্রহ কৰিবলৈ সক্ষম হ’ল ৰাজহ৷ শক্তি বিভাগৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)–এ প্রতিবছৰৰ জুন মাহৰ হিচাপত সর্বকালৰ অভিলেখ ভংগ কৰি মুঠ ৫০৮.৪৮ কোটি টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে জুন মাহৰ চাহিদা আছিল ৫১৩.৬৭ কোটি টকা৷ সেই হিচাপত প্রায় ৫ কোটি টকাৰ ঘাটি থাকি গ’ল এ পি ডি চি এলৰ৷ জুন মাহত বিদ্যুতৰ মাচুল পৰিশোধ কৰা গ্রাহকৰ পৰিমাণ আছিল ৪৭ শতাংশ৷ অর্থাৎ এশ শতাংশ গ্রাহকে এতিয়াও বিল পৰিশোধ কৰা নাই৷ শক্তি বিতৰণ কোম্পানীৰ তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহত ৰাজহ আদায় হৈছে ৪৩৩ কোটি টকা৷

ফেব্রুৱাৰী মাহত ৩৯৫ কোটি টকা, মার্চ মাহত ৪৯৫ কোটি টকা, এপ্রিল মাহত ৩৯৮ কোটি টকা, মে’ মাহত ৩৯৬ কোটি টকা আৰু জুন মাহত ৫০৮.৪৮ কোটি টকাৰ ৰাজহ আদায় হৈছে৷ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে এ পি ডি চি এলে বিভিন্ন জিলাত বিদ্যুৎ চুৰি ধৰা পেলাই ৬৪২খন এজাহাৰ দাখিল কৰাৰ লগতে ১,৫৩৬টা বিদ্যুৎ সংযোগ কর্তন কৰে৷ এই অভিযানসমূহৰ সমান্তৰালভাৱে বিদ্যুৎ চুৰিৰ অভিযোগত প্রায় দুই কোটি ৫০ লাখ টকা সংগ্রহ কৰা হৈছে৷

You might also like