এপিডিচিএলৰ নিযুক্তি কেলেংকাৰিঃ মুখ্য মহাপ্রবন্ধক আতাউৰ ৰহমানৰ মুখ্যমন্ত্রীৰ তদাৰকী কোষত আত্মসমর্পণ
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ একাধিক খেলিমেলি আৰু অনিয়মেৰে এ পি ডি চি এলৰ নিযুক্তিত কেলেংকাৰি সংঘটিত কৰি পলাতক হৈ থকা মহাপ্রবন্ধক আতাউৰ ৰহমানে সোমবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ ওচৰত আত্মসমর্পণ কৰে৷
উল্লেখ্য যে নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত ব্যাপক কেলেংকাৰি সংঘটিত কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছতে পলাতক হৈ আছিল মহাপ্রবন্ধক আতাউৰ ৰহমান৷ তদাৰকী শাখাই শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীত চলোৱা অভিযানৰ সময়তে পলায়ন কৰা আতাউৰ ৰহমানে যোৱা দুদিন আত্মগোপন কৰি থকাৰ পাছত সোমবাৰে তদন্তকাৰী দলৰ সন্মুখত আত্মসমর্পণ কৰাৰ লগে লগে তেওঁক গ্রেপ্তাৰ কৰা হয়৷ আৰক্ষীয়ে তেওঁক বিশেষ আদালতত হাজিৰ কৰাই ছদিনৰ নিজৰ জিম্মাত লয়৷
উল্লেখ্য যে নিযুক্তি পৰীক্ষাৰ মূল্যায়ন সমিতিৰ সদস্য আতাউৰ ৰহমানে কেইবাজনো পৰীক্ষার্থীৰ সৈতে ফোনযোগে যোগাযোগ কৰি নিযুক্তি সম্পর্কীয় লেনদেনৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে যোৱা দুটা দিনত গ্রেপ্তাৰ কৰা এ পি ডি চি এল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১০জন অভিযুক্তকো সোমবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷
আদালতে মহাপ্রবন্ধক আতাউৰ ৰহমান, অ’ এছ ডি দীপাংকৰ দিহিঙীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ সহায়ক শশাংক শইকীয়া, নেইকমৰ বিশ্বজিৎ বর্মন, জয়ন্ত ডেকা আৰু ত্রিদিব শর্মাক ছদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আনহাতে, নেইকমৰ দুলুমণি ডেকা, ফাৰাহ আলম, কংকণ শর্মা, কৌশিক দাস, এক্সপিডিয়া ই ছলিউচনৰ ত্রিদিব শর্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবিলন কাকতিক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷
উল্লেখ্য যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ ১,৬০০ পদত নিযুক্তিক লৈ হোৱা পৰীক্ষাৰ কেলেংকাৰিত শক্তি বিভাগৰ শীর্ষ বিষয়াই নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰো কেইবাজনো বিষয়া–কর্মচাৰী জড়িত হৈ আছে৷ এই নিযুক্তি পৰীক্ষাক লৈ হোৱা ব্যাপক খেলিমেলিৰ তথ্যসহ এক অভিযোগ লাভ কৰিছে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে৷ মুখ্যতঃ উক্ত অভিযোগৰ ভিত্তিতেই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই যোৱা ১৫ ছেপ্ঢেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলোৱাৰ লগতে ১৬ ছেপ্ঢেম্বৰত বিজুলী ভৱনত কেইবাঘণ্টা ধৰি নিযুক্তি প্রক্রিয়াৰে জড়িত বিষয়াসকলৰ ভাষ্য লিপিবদ্ধ কৰিছিল৷ তদন্তকাৰী দলটোৱে আৰম্ভ কৰা এই অভিযানত যোৱা সময়ছোৱাত উদ্ধাৰ হোৱা ন ন তথ্য তথা খেলিমেলি পোহৰলৈ অহাৰ পাছতে বিগত সপ্তাহৰ শুকুৰবাৰে গুৱাহাটীত অভিযান চলাই এ পি ডি চি এলৰ অ’ এছ ডিসহ ১০জনক গ্রেপ্তাৰ কৰিছিল৷