নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰৰ ভয়ত অসমবাসীক নিঃচর্ত ক্ষমাপ্রার্থনা গর্গ চেটার্জীৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: স্বর্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্রদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত পৰা তথাকথিত বাঙালী বুদ্ধিজীৱী গর্গ চেটার্জীয়ে অৱশেষত অসমবাসীৰ ওচৰত নিঃচর্ত ক্ষমা বিচাৰিলে৷ উক্ত মন্তব্যৰ বাবে অসম আৰক্ষীৰ দ্বাৰা গ্রেপ্তাৰৰ ভয়ত বিতর্কিত গর্গ চেটার্জীয়ে শনিবাৰে টুইটাৰযোগে ক্ষমা–প্রার্থনা বিচাৰে৷

চেটার্জীয়ে কয়, ছ’চিয়েল মিডিয়াত চাওলুং চুকাফা আৰু আহোম সম্প্রদায়ৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে মই অসমৰ মানুহ বিশেষকৈ টাই আহোম সম্প্রদায় আৰু অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওচৰত নিঃচর্ত ক্ষমা বিচাৰিলোঁ৷ গর্গ চেটার্জীয়ে টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি কয়– ‘এই পৱিত্র ভাদ মাহত সকলোৱে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ক্ষমা আৰু প্রেমৰ বাণী স্মৰণ কৰোঁ৷ মই অসমৰ মানুহ আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক নিঃচর্তভাৱে ক্ষমা প্রার্থনা জনালোঁ৷ মই অন্তৰৰ নিভৃত কোণৰ পৰা অসমৰ জনসাধাৰণ, টাই আহোম সম্প্রদায় আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওচৰত নিঃচর্ত ক্ষমা বিচাৰিছোঁ৷ মই পূর্বে ছ’চিয়েল মিডিয়াত কৰা মন্তব্যই অসমৰ মানুহৰ আৱেগত আঘাত কৰিছে৷ মই মোৰ মন্তব্যৰ বাবে অনুতপ্ত হৈছোঁ আৰু বৰ অসম গঢ়াৰ বাবে স্বর্গদেউ চাওলুং চুকাফাই চলোৱা শাসন ব্যৱস্থাক মই শ্রদ্ধাৰে সন্মান জনাইছোঁ৷’

ভিডিঅ’টোত গর্গ চেটার্জীয়ে লগতে কয়, ভৱিষ্যতে অসমৰ মানুহক আঘাত কৰিব পৰা কোনো মন্তব্য মই ছ’চিয়েল মিডিয়াত পোষ্ট নকৰোঁ৷ যোৱা ১৯ জুনৰ পৰা মই ছ’চিয়েল মিডিয়াত নিষ্ক্রিয় হৈ আছোঁ৷ মই সোনকালে ক্ষমা নোখোজাৰ বাবে অসমবাসীয়ে যাতে মোক ক্ষমা কৰাৰ পৰা বিৰত নাথাকে তাৰ বাবেও অনুৰোধ জনালোঁ, যিটো মই আগতে কৰিব লাগিছিল৷ উল্লেখ্য যে স্বর্গদেউ চাওলুং চুকাফাক চীনা আক্রমণকাৰী আৰু আহোমসকলক ‘চাইনীজ’ বুলি গর্গ চেটার্জীয়ে বিতর্কিত মন্তব্য কৰিছিল৷ তদুপৰি অসম আক্রমণৰ বাবেহে অসমলৈ অহা ‘চীনা আক্রমণকাৰী চুকাফা’ৰ নামত অসমৰ মুখ্যমন্ত্রীয়ে কিয় অসম দিৱস উদ্যাপন কৰিব লাগে বুলি চেটার্জীয়ে ছ’চিয়েল মিডিয়াত অপমানজনক মন্তব্য কৰিছিল৷ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে যুক্তি দিয়াৰ নামত অসমীয়াক লৈ এইজন বাঙালী বুদ্ধিজীৱীয়ে কৰা কটু মন্তব্যক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ অসমীয়াবিৰোধী মন্তব্য কৰা চেটার্জীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল কেইবাটাও গোচৰ৷

ইয়াৰ পিছতে যোৱা ১৯ জুনত গর্গ চেটার্জীক পশ্চিমবংগৰ পৰা গ্রেপ্তাৰ কৰি অসমলৈ অনাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ এই নির্দেশৰ পিছতে মহানগৰ আৰক্ষীৰ এটা দল কলকাতালৈ ৰাওনা হৈছিল যদিও কলকাতা আৰক্ষীয়ে সহযোগ নকৰা বাবে চেটার্জীক গ্রেপ্তাৰ কৰি অসমলৈ আনিব পৰা নাছিল৷ আনহাতে, কিছুদিন পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে গর্গ চেটার্জীৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছিল৷ ইয়াৰ পিছতেই গ্রেপ্তাৰৰ ভয়ত অৱশেষত গর্গ চেটার্জীয়ে ছ’চিয়েল মিডিয়াত কৰা অসমবিৰোধী মন্তব্যৰ বাবে নিঃচর্ত ক্ষমা খোজে৷

You might also like