অসম ১১১ গৰাকী কৃষি উন্নয়ন বিষয়াক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান By নিয়মীয়া বাৰ্তা On Jun 24, 2020 Share নিয়মীয়া বাৰ্তা, ২৪ জুনঃ আমাৰ ৰাজ্যৰ মূল চালিকাশক্তি হৈছে কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰসমূহ৷ অসমৰ কৃষি খণ্ডক অধিক গতিশীলতা প্ৰদান কৰিবলৈ আজি ৰাজ্যৰ মুঠ ১১১ গৰাকীকৈ কৃষি উন্নয়ন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বিষয়াসকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি পত্ৰ প্ৰদান কৰে । এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত সকলো নৱনিযুক্ত কৃষি উন্নয়ন বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-“আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলক লৈ আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু কৃষিখণ্ডক উজ্জীৱিত কৰিবলৈ আমাৰ চৰকাৰে অহোপুৰুষাৰ্থ কৰি আহিছে। অসমৰ জনসংখ্যাৰ গৰিষ্ঠসংখ্যকেই কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ সৈতে জড়িত। সেয়েহে ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশটো কৃষিখণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ আছে। এইক্ষেত্ৰত জনসাধাৰণৰ প্ৰতি সমৰ্পিত আৰু সৎ মনোভাবেৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ নৱনিযুক্ত কৃষি উন্নয়ন বিষয়াসকলক আন্তৰিকতাৰে আহ্বান জনালোঁ।” আনহাতে এই অনুষ্ঠানতে কৃষি মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয়- “কৃষকসকলক সমাজৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচনা কৰি উপযুক্ত মৰ্যাদা প্ৰদান কৰাটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰধান লক্ষ্য৷ নৱ-নিযুক্ত কৃষি উন্নয়ন বিষয়াসকলক মই আহ্বান জনাইছোঁ যাতে তেখেতসকলে কৃষকসকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰি সততা-নিষ্ঠাৰে নিজ কৰ্তব্য পালন কৰি কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনে৷” উল্লেখ্য যে আজিৰ অনুষ্ঠানত উপস্থিত আছিল অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, সাংসদ ৰাজদীপ ৰয়, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ, কৃষি বিভাগৰ আয়ুক্ত তথা সচিব কুলেন্দ্ৰ তালুকদাৰ, কৃষি বিভাগৰ সঞ্চালক মনোজ কুমাৰকে ধৰি বিভাগীয় কেইবাগৰাকী বিষয়া৷ Featured Share