ৰঙিয়াৰ এপল মিল কৰ্মচাৰীৰ ভিআৰএছৰ ১২ কোটি টকাৰ অনুমোদন
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ:- ৰঙিয়াৰ তুলসীবাৰীস্থিত এপল মিল কৰ্মচাৰীসকলৰ ভিআৰএছৰ ধন মোকলাই দিয়াৰ বাবে আজি অনলাইন চিলিঙৰ জৰিয়তে অনুমোদন জনোৱা হয় । বিত্ত বিভাগে মিলটোৰ কৰ্মচাৰীসকলৰ ভিআৰএছৰ বাবে ইতিপূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰা ১২ কোটি টকাৰ অনুমোদন জনায় । ভিআৰএছৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা কাৰ্যই স্বাভাৱিকতে এপলৰ কৰ্মচাৰী সকলৰ মাজত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । এপল শ্ৰমিক সন্থাৰ সম্পাদক দুৰ্গা ৰাম হালৈয়ে ভিআৰএছ ধনৰ বাবে অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ উপৰিও সমবায় বিভাগৰ বিষয়া, মিলটোৰ বিষয়া-কৰ্মচাৰী সকলৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায় । আনহাতে বিধায়ক কলিতাই এইক্ষেত্ৰত কয় যে এপলৰ কৰ্মচাৰীসকলৰ এটি সুৰক্ষিত ভৱিষ্যতৰ বাবে অহৰ্নিশে চেষ্টা চলাই থকা হৈছে । ইয়াৰে অংশ স্বৰূপে চৰকাৰে আজি অনলাইন চিলিঙৰ দ্বাৰা ১২ কোটি টকাৰ ভিআৰএছ আঁচনিৰ অধীনত বিত্ত বিভাগৰ জৰিয়তে অনুমোদন জনাইছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে কৰ্মচাৰী সকলে ভিআৰএছৰ ধনৰ অনুমোদন পাবলৈ সক্ষম হোৱা বুলি দোহাৰে । মিলটোৰ কৰ্মচাৰীসকলে অতি কম সময়ৰ ভিতৰতে এই ধনৰাশি পাবলৈ সক্ষম হ’ব বুলি বিধায়কগৰাকীয়ে জনায় । উল্লেখ্য যে বৃহৎ বস্ত্ৰ উদ্যোগ এপল মিলটো প্ৰায় ৫ বছৰ ধৰি সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে । মিলটোৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ভিআৰএছৰ ধনৰ বাবে আন্দোলন কৰি অহাৰ পিছত চৰকাৰে উক্ত ধন মোকলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ।
প্ৰেৰক ফাৰুক হুছেইন