নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টৰ অনুমতি নহ’লে এপিএছচিৰ পৰীক্ষা নহ’ব

আঁতৰা নাই আইনৰ জটিলতা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ এতিয়াও আইনী মেৰপেঁচৰ পৰা মুক্ত হোৱা নাই অসম লোকসেৱা আয়োগ (এ পি এছ চি)–এ অনুষ্ঠিত কৰিবলগীয়া সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা৷ এ পি এছ চিৰ পৰীক্ষাৰ পৰা ভাষাৰ বাধ্যতামূলক প্রশ্নকাকত প্রত্যাহাৰক লৈ সৃষ্টি হোৱা জটিলতাই পুনৰ স্পর্শ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া৷ এই সন্দর্ভত দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিং আৰু ন্যায়াধীশ এম নন্দীৰ খণ্ড বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সময়সূচী নির্ধাৰণ নকৰিবলৈ নির্দেশ দিছে৷ ৰাজ্য চৰকাৰ, অসম লোকসেৱা আয়োগলৈ জাননী জাৰি কৰি উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে পৰৱর্তী শুনানিৰ দিন অহা ১০ জানুৱাৰী নির্ধাৰণ কৰে৷

উল্লেখ্য যে শেহতীয়াকৈ যোৱা ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত আয়োগৰ পৰীক্ষাৰ পৰা ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইতিমধ্যে ভাষাৰ প্রশ্ণকাকতৰ পৰা বৰাক উপত্যকাৰ তিনি জিলা আৰু পাহাৰীয়া তিনি জিলাক ৰেহাই দিয়াক লৈ আন কেইবাটাও গোচৰ উক্ত ন্যায়ালয়ত ইতিমধ্যে ৰুজু হৈ আছিল৷ শেহতীয়াকৈ অনুষ্ঠিত উক্ত গোচৰসমূহৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত উচ্চ ন্যায়ালয়ক অৱগত কৰিছিল৷ যাৰ ভিত্তিত ভাষাৰ প্রশ্ণকাকত অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু ইয়াৰ মাজতে ২০১৯ চনৰ বিধি অনুসৰি মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে দাখিল কৰা হৈছে ৮৩/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন৷ আজি এই আবেদনখনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে অনুমতি অবিহনে মূল পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নির্দেশ দিছে৷

You might also like