এপিএছচিৰ দুর্নীতি : এটা শব্দ নিলিখাকৈয়ে নিয়োগ বিষয়া হৈছিল ৰাকেশ দাস
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : কৈ থাকিলেও ওৰ নপৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ দুর্নীতি–অনিয়মৰ কাহিনী ৷ ৰাকেশ পালৰ কার্যকালত বক্র পথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত সংস্থাপিত হোৱা অযোগ্য প্রার্থীৰ তালিকা ক্রমাৎ দীঘলীয়া হৈ পৰিছে৷ পূর্বে ডিব্রুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ পিছত এইবাৰ অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি)ৰ জালত পৰিছে আন একাংশ বিষয়া৷ কালি ছয়মাইলৰ পৰা আৰক্ষীয়ে সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক গ্রেপ্তাৰ কৰাৰ পিছতেই কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ৰাকেশ পালৰ হাতত ধনৰ টোপোলা গুজি দি চাকৰি লাভ কৰা ৰাকেশ দাসে এপিএছচি পৰীক্ষাত টু শব্দ এটাও নিলিখাকৈ উত্তীর্ণ হৈছিল৷ এছআইটিৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ এখনো বহীত নিজ হাতেৰে উত্তৰ লিখা নাছিল ৰাকেশ দাসে৷ কিয়নো ৰাকেশ দাসৰ হস্তাক্ষৰ আৰু উত্তৰ বহীৰ হস্তাক্ষৰৰ মাজত কোনো মিল নাই৷ তেওঁৰ উত্তৰ বহীসমূহৰ লগতে হস্তাক্ষৰৰ নমুনাৰ ফৰেনছিক পৰীক্ষাৰ এই তথ্য পোহৰলৈ আহিছে৷ অর্থাৎ ৰাকেশ দাসৰ হৈ আন কোনো লোকে উত্তৰ বহীসমূহত প্রশ্ণোত্তৰ লিখিছিল৷ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি পিতৃৰ সৈতে এপিএছচিৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ ঘনিষ্ঠতাৰ সুবাদতে ৰাকেশ দাসে সহকাৰী নিয়োগ বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ যাৰ বাবে ৰাকেশ দাসৰ পিতৃকো এছআইটিয়ে জেৰা কৰিব বুলি জানিব পৰা গৈছে৷ ইফালে, এপিএছচিৰ পৰীক্ষাত কোনো উত্তৰ নিলিখাকৈয়ে উত্তীর্ণ হোৱা বুলি প্রতিপন্ন হোৱাৰ পিছত আৰক্ষীয়ে চলোৱা জেৰাৰ সময়তো দীর্ঘ সময় ধৰি সহকাৰী নিয়োগ বিষয়া হিচাপে কর্মৰত ৰাকেশ দাসৰ স্বৰূপ ওলাই পৰিছিল৷ নলবাৰী, চাইক’ল’জী আদিৰ দৰে শব্দৰ ইংৰাজী বানানো জেৰাৰ সময়ত আৰক্ষীৰ সন্মুখত ৰাকেশ দাসে শুদ্ধকৈ লিখিব পৰা নাছিল৷ ইফালে, কালি গ্রেপ্তাৰ হোৱা ৰাকেশ দাসক আজি ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ আদালতত হাজিৰ কৰোৱাৰ সময়ত সংবাদ মাধ্যমৰ প্রশ্ণৰ উত্তৰত ৰাকেশ দাসে তেওঁ যে পৰীক্ষাত অৱতীর্ণ হোৱা নাছিল, সেই কথা অস্বীকাৰ কৰিছে৷ ইয়াৰ পৰিৱর্তে তেওঁ পৰীক্ষাত অৱতীর্ণ হৈছিল বুলিহে উল্লেখ কৰিছে৷ লক্ষণীয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ২০১৩ আৰু ২০১৪ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ ডি কে শর্মাৰ নেতৃত্বত এজনীয়া ন্যায়িক আয়োগ গঠন কৰা হৈছিল৷ পৰৱর্তী সময়ত আয়োগখনে দুয়োটা বর্ষৰ পৰীক্ষাৰ অনিয়ম সন্দর্ভত তদন্ত কৰি পৃথকে পৃথকে ৰাজ্য চৰকাৰক প্রতিবেদন দাখিল কৰে৷ এই প্রতিবেদনতে ২০১৩ বর্ষত অনিয়ম সংঘটিত কৰি গ্রেপ্তাৰ হোৱা বিষয়াসকলৰ উপৰি আন ৩৪জন বিষয়াই বক্র পথেৰে চাকৰি লাভ কৰাৰ তথ্য উল্লেখ কৰা হৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে ৰাজ্য চৰকাৰে পুনৰ এপিএছচি কেলেংকাৰিৰ তদন্ত কৰিবলৈ এছআইটি গঠন কৰে৷ এই এছআইটি ইতিমধ্যে ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ নামৰ দুজন বিষয়াক গ্রেপ্তাৰ কৰিছে৷ তদুপৰি আকাশী দুৱৰা আৰু ত্রিদিব ৰয় নামৰ আন দুজন বিষয়াক জেৰা কৰিছে৷ সমান্তৰালভাৱে এপিএছ বিষয়া তথা মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চৰ এডিজিপি সুকন্যা দাসক জেৰাৰ বাবে এছআইটিয়ে তলব কৰিছে৷ কাইলৈ তেওঁ এছআইটিৰ ওচৰত হাজিৰ হ’ব লাগিব৷ অৱশ্যে পৰৱর্তী সময়ত আন কোন কোন বিষয়াৰ বিৰুদ্ধে এছআইটিয়ে তদন্ত আৰম্ভ কৰে, সেয়া লক্ষণীয় হ’ব৷