প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণৰো ল’লে সাক্ষাৎকাৰ
চূড়ান্ত অনিয়মেৰে অনুষ্ঠিত হ’ল ২০১৮ বর্ষৰ অসামৰিক–সংলগ্ণ সেৱাৰ পৰীক্ষা
অসম লোকসেৱা আয়োগৰ পৰা ৰাকেশ পাল বাহিনী আঁতৰিলেও সংস্কাৰলৈ এতিয়াও বহুদূৰ বাকী৷ পুনৰ এ পি এছ চিত সূচনা হৈছে অন্ধকাৰ যুগৰ৷ পৰীক্ষা প্রক্রিয়াৰ স্বচ্ছতাক ধোঁৱাচাঙত তুলি আয়োগে চৰম বিশৃংখলতাৰে অনুষ্ঠিত কৰিছে অসামৰিক সেৱাৰ পৰীক্ষা৷ ২০১৮ বর্ষৰ অসামৰিক আৰু অন্যান্য সংলগ্ণ সেৱাৰ পৰীক্ষাত আৰম্ভণিৰে পৰা সাক্ষাৎকাৰলৈ ব্যাপক বিসংগতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আনকি প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ হোৱা প্রার্থীও সাক্ষাৎকাৰত অৱতীর্ণ হোৱা ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷ সমগ্র পৰীক্ষা পদ্ধতিত ইমানেই বিসংগতি আৰু বেমেজালি আছে যে আয়োগৰ পৰা কোনো সদুত্তৰ লাভ নকৰি হাজাৰ হাজাৰ পৰীক্ষার্থী হতাশাত ভুগিছে৷ উল্লেখ্য যে ২০১৮ চনৰ ১৭ মে’ত অসম লোকসেৱা আয়োগে ২৬১টা অসামৰিক আৰু অন্যান্য সংলগ্ণ সেৱাৰ পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ বিজ্ঞাপন অনুসৰি লাখ লাখ মেধাৱী, শিক্ষিত প্রার্থীয়ে আবেদন কৰে৷ ২০১৮ চনৰ ৩০ ডিচেম্বৰত এই পদসমূহৰ বাবে প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হয়৷ প্রচলিত নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে আয়োগে ‘এনচাৰ কী’সমূহ ৱেবছাইটযোগে ৰাজহুৱা কৰিব লাগে৷ কিন্তু এইবাৰ এ পি এছ চিয়ে অৱলম্বন কৰিলে সম্পূর্ণ বিপৰীত নীতি৷ ‘এনচাৰ কী’ ৰাজহুৱা কৰা হয় প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতহে৷ ২০১৯ চনৰ ১৩ মার্চত ঘোষণা কৰা ফলাফল অনুসৰি প্রাৰম্ভিক পৰীক্ষাত মুঠ ৩,৩৬১গৰাকী প্রার্থী উত্তীর্ণ হয়৷ কিন্তু তাৰ পাছত যেতিয়া এ পি এছ চিৰ ৱেবছাইটত ‘এনচাৰ কী’ আপলোড কৰা হ’ল, বহু প্রার্থী হতচকিত হৈ পৰিল৷ কিয়নো বহু প্রশ্ণৰ উত্তৰ ভুলকৈ এনচাৰ কীত উল্লেখ আছে৷ ফলত একাংশ প্রার্থীয়ে ভুল উত্তৰ লিখিও প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ বিপৰীতে আন একাংশই শুদ্ধ উত্তৰ লিখিও বঞ্চিত হ’বলগীয়া হ’ল৷ বিষয়টোক লৈ তীব্র বিতর্কৰ সূচনা হোৱাৰ পাছত ২০১৯ চনৰ ৩০ মার্চত এ পি এছ চিয়ে আন এখন তালিকা প্রকাশ কৰি ‘শুদ্ধ এনচাৰ কী’ অনুসৰি ৪০৮গৰাকী প্রার্থী নতুনকৈ উত্তীর্ণ হোৱা বুলি ঘোষণা কৰে৷ কিন্তু নতুন আৰু শুদ্ধ বুলি প্রকাশ কৰা এনচাৰ কীতো বহু বিসংগতিৰে পুনৰাবৃত্তি হোৱাৰ অভিযোগ উঠে৷ একে সময়তে ২১গৰাকী প্রার্থী দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ ন্যায়ালয়ৰ নির্দেশমর্মে এই ২১গৰাকী প্রার্থীৰ উত্তৰবহীৰ পুনৰীক্ষণ কৰা হয়৷ পুনৰীক্ষণৰ পাছত ইয়াৰে ৯গৰাকী প্রার্থীক উত্তীর্ণ ঘোষণা কৰে অসম লোকসেৱা আয়োগে৷ লক্ষণীয় কথাটো হ’ল এই ৯গৰাকী প্রার্থীক উত্তীর্ণ কৰাবলৈ এ পি এছ চিয়ে তেওঁলোকক গ্রেচ মার্ক প্রদান কৰে৷ কিন্তু পৰীক্ষা পদ্ধতিৰ কোনো সংশোধন নোহোৱাকৈ বা কোনো নীতিগত সিদ্ধান্ত নোলোৱাকৈ কিদৰে বিশেষ প্রার্থীকেইগৰাকীক গ্রেচ মার্ক প্রদান কৰা হ’ল, তাৰ কোনো ব্যাখ্যা আয়োগে আগবঢ়াব পৰা নাই৷
মূল লিখিত পৰীক্ষাত বহাৰ অনুমতি দিয়াৰ পাছত এই ৯গৰাকী প্রার্থী গোচৰৰ প্রক্রিয়াৰ পৰা আঁতৰি আহে যদিও আন ১২গৰাকী প্রার্থীয়ে গোচৰটো চলাই নিয়াৰ সিদ্ধান্ত লয়৷ সেই সময়তে মূল লিখিত পৰীক্ষাৰ দিনো চমু চাপি আহে৷ ২০১৯ চনৰ ২ আগষ্টৰ পৰা লিখিত পৰীক্ষাসমূহ আৰম্ভ হয়৷ তেতিয়া উচ্চ ন্যায়ালয়ে লেখ আবেদন দাখিল কৰা ১২ প্রার্থীকো লিখিত পৰীক্ষাত অৱতীর্ণ হোৱাৰ অনুমতি প্রদান কৰে৷ আশ্চর্যজনক কথাটো হ’ল এই ১২ প্রার্থীৰ ভিতৰত ৩গৰাকীয়ে লিখিত পৰীক্ষাত উত্তীর্ণ হৈ বিগত ২৮ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সাক্ষাৎকাৰতো অৱতীর্ণ হৈছে৷ অথচ তেওঁলোক প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হোৱাই নাছিল৷ এইবেলি প্রাৰম্ভিক পৰীক্ষাত কাট অফ মার্ক আছিল সাধাৰণ শ্রেণীৰ পুৰুষ প্রার্থীৰ বাবে ২৬৩ আৰু মহিলাৰ বাবে ২৬১৷ অ’ বি চিৰ পুৰুষ প্রার্থীৰ বাবে ২৪৩ আৰু মহিলাৰ বাবে ২৪২৷ ভৈয়াম জনজাতিৰ পুৰুষ আৰু মহিলাৰ বাবে ২৩৬৷ কিন্তু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে লিখিত পৰীক্ষাত অৱতীর্ণ হোৱা আৰু শেহতীয়াকৈ সাক্ষাৎকাৰ দিয়া ৩গৰাকী প্রার্থীক গ্রেচ মার্ক দিয়াৰ পাছতো প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হ’ব পৰা নাছিল৷ গ্রেচ মার্ক লাভ কৰা আন ৯গৰাকী প্রার্থীৰ প্রসংগ উল্লেখ নকৰিলোঁৱেই যেনিবা৷ এইদৰেই অসম লোকসেৱা আয়োগৰ ২০১৮ বর্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাই বিসংগতিৰ নতুন নজিৰ সৃষ্টি কৰিছে৷ এয়া বেমেজালিৰ এটা ফালহে৷ আয়োগৰ পৰীক্ষাৰ আন এটা অন্ধকাৰ অধ্যায়ো আছে৷ যিদৰে ভুল এনচাৰ কীৰ বাবে একাংশ প্রার্থী বঞ্চিত হৈছিল, তেনেদৰে ভুল উত্তৰ লিখিও একাংশ প্রার্থী পৰীক্ষাত উত্তীর্ণ হৈছিল৷
আয়োগৰ মতে, এনেদৰে ভুল উত্তৰ লিখি প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীৰ সংখ্যা হ’ল ৯৮গৰাকী৷ কিন্তু তাৰ ভিতৰৰ ৩০গৰাকী প্রার্থী মূল লিখিত পৰীক্ষাত অৱতীর্ণ হ’ল৷ বাকী ৬৮গৰাকী প্রার্থীৰ ভিতৰত কেইবাগৰাকীও শেহতীয়া সাক্ষাৎকাৰলৈ নির্বাচিত হোৱা বুলি জানিব পৰা গৈছে৷ অর্থাৎ প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ, ভুল উত্তৰ লিখি উত্তীর্ণ হোৱা বহু প্রার্থী সাক্ষাৎকাৰলৈ নিমন্ত্রিত হৈছে৷ কিন্তু আইনী মেৰপেঁচত সুমুুৱাই বিষয়টো ঢ়াকি ৰখাৰ চেষ্টাত কোনো ত্রুটি কৰা নাই লোকসেৱা আয়োগৰ কর্তৃপক্ষই৷ ইফালে, ২০১৮ বর্ষৰ অসামৰিক সেৱাৰ পৰীক্ষা পদ্ধতি ইমানেই অস্বচ্ছ যে সংশোধিত এনচাৰ কী অনুসৰি কোন প্রার্থীয়ে কিমান নম্বৰ লাভ কৰিছে, সেয়াও আজিলৈ প্রকাশ কৰা নহ’ল৷ তদুপৰি গোপনীয়তাৰ দোহাই দি উত্তৰবহী পৰীক্ষণৰ পৰাও প্রার্থীসকলক বঞ্চিত কৰা হৈছে৷ এয়াই হৈছে লোকসেৱা আয়োগৰ ভিতৰচ’ৰাৰ অকথিত কাহিনী৷ দুর্নীতিৰ সদাগৰ ৰাকেশ পালে এ পি এছ তি চাকৰিৰ মুকলি বজাৰ মেলাৰ বিপৰীতে এতিয়া গোপনে, কৌশলেৰে অযোগ্য প্রার্থীক নিযুক্তি দিয়াৰ কুচকাৱাজ চলোৱা হৈছে৷ এই বিষয়টোক অতি চতুৰালিৰে আইনী বৈধতা প্রদানৰো চেষ্টা চলাই আছে এ পি এছ চিৰ শীর্ষস্থানীয় এটা মহলে৷ কাজেই ৰাকেশ পাল বাহিনী আঁতৰ হ’লেও অসম লোকসেৱা আয়োগত সংস্কাৰৰ কোনো উমঘাম এতিয়ালৈ দেখা নাই৷ ফলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘোষণা কৰা ‘স্বচ্ছ প্রশাসন’ এতিয়া সুদূৰপৰাহত হৈছে৷ স্বচ্ছতাৰ পৰীক্ষাত ব্যর্থ হৈছে আয়োগৰ বর্তমানৰ অধ্যক্ষ পল্লৱ ভট্টাচার্য৷ সন্দেহৰ পৰা ঊর্ধ্বত নহয় এ পি এছ চিত কর্মৰত পাটোৱাৰী, গোহাঁই আদি উপাধিৰ বিষয়াসকলো৷ মুঠ কথাত, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্বচ্ছতাৰ কোনো প্রতিফলন এতিয়ালৈকে পৰীক্ষার্থীসকলে দেখা নাই৷ বৰং পৰীক্ষা পদ্ধতি আগতকৈও জটিল, বিসংগতিপূর্ণ আৰু সন্দেহজনক হৈ পৰিছে৷ সন্দেহৰ ক’লা ডাৱৰে অসম লোকসেৱা আয়োগক পুনৰ গ্রাস কৰিবলৈ লোৱাত ৰাজ্যৰ হাজাৰ হাজাৰ মেধাৱী যুৱক–যুৱতীয়ে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ওপৰত ক্রমাৎ আস্থা হেৰুৱাই পেলাইছে৷