বিশেষ বাৰ্তা, ১৬ মে’ : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত চি. চি. আৰ. টি. ২০২৪-২৫ বৰ্ষত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ জীয়ৰী আৰাধ্যা বৰাই। নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰী আৰাধ্যা বৰাই বিশিষ্ট পুথিচিত্ৰশিল্পী সুজিত দাসৰ অত্যাৱধানত অসমৰ পুথি চিত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
কালি ঘোষিত এই ফলাফল মতে এই বছৰতে অসমৰ পুথিচিত্ৰৰ বাবে এই সফলতা লাভ কৰা আৰাধ্যাই একমাত্ৰ ছাত্ৰী। আৰাধ্যা মিলনপুৰ নিবাসী ৰিতেন কুমাৰ বৰা আৰু প্ৰনতি বৰাৰ একমাত্ৰ জীয়ৰী। তেওঁ নগাঁৱৰ পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় নবম মানৰ ছাত্ৰী।
বিশেষ উল্লেখনীয় যে যোৱা বছৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰী, ক্ৰমে জন্নত তমলিনা হাসেন আৰু ফাৰিহা ইছলামে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল।
প্ৰেৰক কনক হাজৰিকা