পুত্র–এহেজাৰ সমর্থকসহ বিজেপিত যোগদান অর্ধেন্দু দে’ৰ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ প্রার্থিত্বকেন্দ্রিক সংঘাতৰ বাবে কিছুদিন পূর্বে কংগ্রেছ দল ত্যাগ কৰা পাঁচবাৰৰ বিধায়ক তথা হোজাই জিলা কংগ্রেছৰ সভাপতি ডাঃ অর্ধেন্দু কুমাৰ দে’ই বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ হোজাইৰ বিভূতি ভূষণ গেষ্ট হাউছত আয়োজিত বিজেপিৰ জিলা সমিতিৰ বিশেষ যোগদান সভাত উপস্থিত থাকে ৰাষ্ট্রীয় বিজেপিৰ উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংসদ ভুবনেশ্বৰ কলিতা, বিজেপিৰ হোজাইৰ প্রভাৰী গৌৰৱ শর্মা, উত্তৰাখণ্ডৰ বিধায়ক কেডাৰ জীৰ লগতে জিলা সভাপতি অনুপ দেৱ, হোজাই সমষ্টিৰ বিজেপিৰ প্রার্থী ৰামকৃষ্ণ ঘোষ আদি৷ সভাত ডাঃ দে’ৰ পুত্র অনিৰুদ্ধ দে’, জিলা কংগ্রেছৰ সম্পাদক বিজয় চক্রৱর্তী, উপ–সভাপতিকে আদি কৰি এহেজাৰ কংগ্রেছ সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ৰাষ্ট্রীয় উপ–সভাপতি পাণ্ডাই প্রাক্তন মন্ত্রীজনক বিজেপিৰ টুপী পিন্ধাই দললৈ আদৰণি জনায়৷ উল্লেখ্য যে কিছুদিন আগতে প্রাক্তন মন্ত্রীজনৰ পুত্রৰ এটা ফোন ৰেকর্ডিং ব্যাপক ভাইৰেল হৈছিল৷
সেই ৰেকর্ডিঙত নির্বাচনৰ আগতে তেওঁৰ লগতে ডাঃ দে’ই বিজেপিত যোগদান কৰিব বুলি কংগ্রেছ কর্মীক কৈছিল৷ ‘নিয়মীয়া বার্তা’ত প্রকাশিত উক্ত বাতৰিৰ সত্যতা প্রমাণিত কৰি বুধবাৰে প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ৰ লগতে তেওঁৰ পুত্র–বোৱাৰী আৰু নাতিনীসহ কংগ্রেছৰ জিলা সমিতিৰ অধিকাংশ সদস্যই বিজেপিত যোগদান কৰে৷ বিজেপিত যোগদান কৰি ডাঃ অর্ধেন্দু কুমাৰ দে’ই ভাষণ দি কয় যে কংগ্রেছ এতিয়া আগৰ কংগ্রেছ দল হৈ থকা নাই৷ কংগ্রেছে ইমানদিনে সাম্প্রদায়িক এ আই ইউ ডি এফ দলক আঁকোৱালি লোৱা নাছিল৷ এতিয়া সেই সাম্প্রদায়িক দলৰ লগত মিত্রতা কৰি দলে নিজ আদর্শৰ পৰা বিচলিত হৈছে৷ সেয়ে তেওঁ আজি বিজেপিত যোগ দিছে৷ আগন্তুক দিনত তেওঁ বিজেপিৰ হৈ কাম কৰি যাব আৰু এইবাৰৰ বিজেপি প্রার্থী ৰামকৃষ্ণ ঘোষক এক লাখ ষাঠি হাজাৰ ভোট দি জয়ী কৰাব বুলি মন্তব্য কৰে৷ ইফালে প্রাক্তন মন্ত্রীজনে বিজেপিত যোগদান কৰাক লৈ দলৰ স্থানীয় কর্মীসকলৰ মাজত বিৰূপ প্রতিক্রিয়া হৈছে৷ কাৰণ কংগ্রেছৰ মন্ত্রী–বিধায়ক হৈ থকাৰ সময়ত প্রাক্তন মন্ত্রীজনে ক্ষমতাৰ অপব্যৱহাৰ কৰি বহু হিন্দু বাঙালী যুৱকক হাৰাশাস্তি কৰিছিল৷ সেই ক্ষোভতে বিগত নির্বাচনত তেওঁক তৃতীয় স্থানলৈ অৱনমিত কৰিছিল৷ এইবাৰ বিজেপিত যোগদান কৰি পুনৰ ক্ষমতাৰ ৰাগিত পূর্বৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিব বুলি স্থানীয় কর্মীসকল শংকিত হৈ পৰিছে৷
পলাশবাৰীত সহস্রাধিক কংগ্রেছী কর্মীসহ
পদত্যাগ যুৱনেত্রী মুনমী দত্তৰ
২০১৩ চনৰ পৰা পলাশবাৰী বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্রেছৰ হৈ কাম কৰি অহা জনপ্রিয় যুৱনেত্রী মুনমী দত্তই বুধবাৰে সহস্রাধিক কর্মীসহ দলৰ পৰা পদত্যাগ কৰে৷ সমাগত বিধানসভা নির্বাচনত পলাশবাৰী সমষ্টিত টিকটৰ প্রবল দাবীদাৰ যুৱনেত্রী মুনমী দত্তক নেতৃত্বই অন্যায়ভাৱে বঞ্চনা কৰাৰ অভিযোগ তুলি তেওঁ আজি দলৰ প্রাথমিক সদস্যপদ ত্যাগ কৰাৰ বাবে বাধ্য হ’ল বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে৷ ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ যিগৰাকী নেতাই সমষ্টিৰ কংগ্রেছ কর্মীক অনেক মানসিক নির্যাতন চলাইছিল, তেওঁকেই নেতৃত্বই ৰঙাদলিচা পাৰি দিয়াই নহয়, কংগ্রেছৰ দলীয় প্রার্থিত্ব দিয়াৰ প্রতিবাদত আজি এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰালে বুলিও মুনমী দত্তই সাংবাদিকক জানিবলৈ দিয়ে৷ ১৯৭২ চনৰ পিছৰ নির্বাচনবোৰত কংগ্রেছ বিধায়ক নথকা পলাশবাৰীত তেওঁ বিগত প্রায় ৯ বছৰে কংগ্রেছ দলৰ এক সুদৃঢ় সাংগঠনিক ভেটি তৈয়াৰ কৰি তুলিছিল বুলি পদত্যাগী নেত্রীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ তেওঁ সমাগত ২০২১ৰ নির্বাচনত নির্দলীয় প্রার্থী হিচাপে পলাশবাৰীত প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলিও ঘোষণা কৰে৷ উল্লেখ্য যে মুনমী দত্তৰ পলাশবাৰী সমষ্টিৰ সত্রপাৰাস্থিত বাসগৃহত সমষ্টিৰ সহস্রাধিক অনুৰাগী সমৱেত হৈ তেওঁলোকৰ প্রিয় নেত্রীগৰাকীক সংগ দিয়াৰ লগতে আগন্তুক নির্বাচনত সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়াই যাব বুলিও জানিবলৈ দিয়ে৷ নেত্রীগৰাকীয়ে লোৱা এই সিদ্ধান্তই কংগ্রেছ প্রার্থী যতীন মালীৰ বাবে যে বৃহৎ প্রত্যাহ্বান আনিব সেয়া একপ্রকাৰ নিশ্চিত৷