‘অৰ্জুনঃ The Hero of Forest’ চলচিত্ৰৰ প্ৰিমিয়াৰ শ্ব’ মুকলি
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ কৰ’না মহামাৰীৰ কলীয়া ডাৱৰে ছানি ধৰা ২০২০ৰ অন্ত পৰিবলৈ মাজত মাথো এটা দিন থকা অৱস্থাত বুধবাৰে জ্যোতি চিত্ৰবনত প্ৰদৰ্শন কৰা হয় ‘অৰ্জুনঃ The Hero of Forest’ নামৰ তথ্যচিত্ৰখনৰ প্ৰিমিয়াৰ। বিদ্যা ফিল্মচৰ বেনাৰত নিৰ্মিত এই চলচিত্ৰখনত দাঙি ধৰা হৈছে বন্যপ্ৰাণীৰ সংগ্ৰাম আৰু বনাঞ্চল ধংসৰ এক জীয়া প্ৰতিচ্ছবি। ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ মুখ্য সচিব অবিনাশ যোশী, অভিনেতা আকাশদ্বীপৰ লগতে তথ্যচিত্ৰখনৰ সৈতে জড়িত কলা-কুশলীসকলৰ উপস্থিতিত প্ৰদৰ্শন কৰা হয় প্ৰিমিয়াৰ শ্ব’। এই প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰে টাইমছ অব ইণ্ডিয়াৰ উত্তৰ-পূব সংস্কৰণৰ সম্পাদক প্ৰবীণ কলিতা, চিবিএফচিৰ উপদেষ্টা সদস্য শৈলেন্দ্ৰ পাণ্ডে, নিউজ ১৮ অসমৰ এছ’চিয়েট এডিটৰ তুলিকা দেৱী আৰু বন বিষয়া এ. এম সিঙৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। প্ৰিমিয়াৰ শ্ব’ৰ শেষত বনমন্ত্ৰী শুক্লবৈদ্যই চলচিত্ৰখনে নতুন বছৰত সকলোৰে মনত প্ৰকৃতি প্ৰেম জগাই তুলিবলৈ সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে। তথ্যচিত্ৰখনৰ ৰচনা আৰু পৰিচালনা ৰজনী বৰ্মনৰ। প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে।