নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গর্গ চেটার্জীৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানাঃ তিনি জুলাইৰ পূর্বে গ্রেপ্তাৰৰ নির্দেশ আদালতৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশোভনীয় মন্তব্য কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গর্গ চেটার্জী শীঘ্রে গ্রেপ্তাৰ হোৱাৰ পথ প্রশস্ত হৈছে৷

পশ্চিমবংগৰ বুদ্ধিজীৱীজনৰ বিৰুদ্ধে বুধবাৰে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে৷

  কলকাতাৰ চেটলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক বুদ্ধিজীৱীজনক গ্রেপ্তাৰ কৰি অহা ৩ জুলাইৰ পূর্বে আদালতত হাজিৰ কৰিবলৈ নির্দেশ দিছে৷ একে সময়তে আদালতে কলকাতাৰ আৰক্ষী আয়ুক্তক গর্গ চেটার্জীৰ বিৰুদ্ধে জাৰি কৰা গ্রেপ্তাৰী পৰোৱানা শীঘ্রে বলৱৎ কৰি তেওঁক হাজিৰ কৰাটো নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে কিছুদিন পূর্বে চেটার্জীয়ে টুইটাৰযোগে চাওলুং চুকাফাৰ বিৰুদ্ধে মন্তব্য কৰাৰ পাছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অসম আৰক্ষীৰ অপৰাধ শাখাৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত চেটার্জীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল৷

ইয়াৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চেটার্জীক গ্রেপ্তাৰ কৰি আনিবলৈ মহানগৰ আৰক্ষীক নির্দেশ প্রদান কৰিছিল৷ সেই অনুসৰিয়েই মহানগৰ আৰক্ষীৰ তিনিজনীয়া এটা দল ৰাওনা হৈছিল কলকাতালৈ৷ কিন্তু গর্গ চেটার্জীক গ্রেপ্তাৰ কৰাটো দূৰৈৰে কথা, তেওঁৰ শুংসূত্র উলিয়াব নোৱাৰাকৈ মঙলবাৰে গুৱাহাটীলৈ উভতি আহিছিল আৰক্ষীৰ দলটো৷ আনকি কলকাতা আৰক্ষীয়ে অসম আৰক্ষীক এইক্ষেত্রত সহযোগিতা নকৰাৰো অভিযোগ উত্থাপন হৈছিল৷ ইয়াৰ মাজতে বুধবাৰে আদালতে গর্গ চেটার্জীক গ্রেপ্তাৰৰ নির্দেশনা দিছে৷

You might also like