নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদূৰ ৰাছিয়াত সুশোভিত জগত গুৰুৰ ভিন্ন ছবিঃ শংকৰদেৱৰ চিত্র অংকন মস্কোৰ শিল্পী ট্রচীনৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাপক, বহুধা গুণৰ অধিকাৰী, হোৱা বাবেহ অসম তথা ভাৰতবর্ষৰ উপৰি দেশ–বিদেশৰ শিল্পীসকলো আজি মহাপুৰুষ শ্রীমন্তশংকৰদেৱৰ কর্ম–আদর্শৰ প্রতি আকৃষ্ট হৈছে৷ শেহতীয়াকৈ গুৰুজনাৰ প্রতি আকৃষ্ট হৈছে ৰাছিয়াৰ বিখ্যাত চিত্রশিল্পী ৫৪ বছৰীয়া ভ্লাডিমিৰ ট্রচীন৷

উল্লেখ্য যে অসমত প্রায় ২০ বছৰ ধৰি বসবাস কৰা তথা অসম সত্র মহাসভাৰ প্রয়াত সভাপতি ভদ্রকৃষ গোস্বামীৰ দুহিতা মিতালী গোস্বামীৰ স্বামীৰ ভাতৃ তথা বৰজনা হোৱাৰ সুবাদতেহ হয়তো ৰাছিয়ান শিল্পী ভ্লাডিমিৰ ট্রচীনৰ পৰিয়ালতো অসমৰ শংকৰী সংস্কৃতিৰ বীজ অংকুৰণ হৈছিল৷ হয়াৰ অন্য এক যোগসূত্রকাৰক অসমৰ যশস্বী চিত্রশিল্পী ড০ ৰঞ্জিত কুমাৰ বৰুৱাৰ অৱদান উল্লেখনীয়৷

এই সন্দর্ভত শিল্পী ড০ ৰঞ্জিত কুমাৰ বৰুৱাই জানিবলৈ দিয়া মতে, বিগত ২০০৫ চনত অংকন কৰা মহাপুৰুষ গুৰুজনাৰ চিত্র এখন নগাঁৱত অনুষ্ঠিত অসম সত্র মহাসভাৰ বার্ষিক সমাৰোহত প্রদর্শন কৰিছিল আৰু চিত্রখনৰ প্রতি প্রয়াত সভাপতি গোস্বামী গভীৰভাৱে আকৃষ্ট হৈছিল৷ লগতে ড০ ৰঞ্জিত বৰুৱাৰ পৰা গুৰুজনাৰ ১০টি ছপা কপী সংগ্রহ কৰি পৰিয়ালৰ সকলোলৈ দিয়াৰ লগতে সভাপতিগৰাকীয়ে নিজা নামঘৰত ফটোকপী সংৰক্ষণ কৰি ৰাখিছিল৷ এনেকৈয়ে মিতালী গোস্বামীয়ে গুৰুজনাৰ চিত্র লাভ কৰিছিল৷ সৌভাগ্যৰ বিষয় যে এজন ৰাছিয়ান শিল্পী হৈও ড০ ৰঞ্জিত কুমাৰ বৰুৱাই অংকন কৰা চিত্রত মহাপুৰুষ শংকৰদেৱক বিচাৰি পাই তুলিকা হাতত তুলি লৈছিল ভ্লাডিমিৰে৷

ভ্লাডিমিৰে ২০২১ত শংকৰদেৱে ষাঁড়গৰু লুটিওৱা, শাস্ত্র ব্যাখ্যা, কোলাত শিহু মাছ লৈ থকা আৰু এখন বহি থকা অৱস্থাত চিত্র অংকন কৰিছে যদিও বহি থকাখন বাদ দি বাকী তিনিওখনতে ড০বৰুৱাই অংকন কৰা প্রতিকৃতি প্রতিফলন কৰিবলৈ ৰাছিয়ান শিল্পীগৰাকীয়ে যত্ন কৰিছে বুলি ড০বৰুৱাই উল্লেখ কৰে৷ এহ সন্দর্ভত ড০ বৰুৱাক প্রশ্ন কৰাত শিল্পীজন শতকৰা ৬০ ভাগ সফল হৈছে বুলি মতপোষণ কৰি এনেদৰে লণ্ডন আৰু আমেৰিকাৰ শিল্পীও আকৃষ্ট হৈ এই চিত্র অংকনৰ প্রয়াস কৰা বুলি জানিবলৈ দিয়ে৷

ইতিমধ্যে ড০ ৰঞ্জিত বৰুৱাই অংকন কৰা গুৰুজনাৰ চিত্রভাগ ক্রমে লণ্ডন, আমেৰিকা, ব্রাজিল, অষ্ট্রেলিয়া, থাইলেণ্ড আদি বিভিন্ন প্রান্তৰ ব্যক্তিয়ে নিজাকৈ সংৰক্ষিত কৰিছে বুলি ড০ বৰুৱাহ কয়৷

You might also like