নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ দঃঞি-পঃল বিমানবন্দৰত  ইণ্ডিগ’ৰ পৰীক্ষামূলক বিমান অৱতৰণ

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ হোলোংগীৰ দঃঞি-পঃল গ্ৰীণফিল্ড বিমানবন্দৰত আজি  ইণ্ডিগ’ৱে পৰীক্ষামূলকভাৱে বিমান অৱতৰণ কৰায়৷ নৱনিৰ্মিত দঃঞি-পঃল বিমানবন্দৰত বিমান সংস্থা ইণ্ডিগ’ৱে সফলতাৰে নিজৰ বিমান অৱতৰণ কৰায় । ২৮ অক্টোবৰৰ পৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ বিমান সংযোগ আৰম্ভ হোৱাটো প্ৰায় নিশ্চিত বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উড়ান আচঁনিৰ অধীনত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰটো উদ্বোধন কৰিব। বিমানবন্দৰটো উদ্বোধন হ’লে পাহাৰীয়া ৰাজ্যখনত পৰ্যটন বৃদ্ধিৰ লগতে নিৰাপত্তা ব্যৱস্থাও শক্তিশালী হ’ব৷ উত্তৰ-পূবৰ ৰাজ্যখনে চীন, ভূটান আৰু ম্যানমাৰৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে৷ বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হ’লে অৰুণাচল প্ৰদেশৰ কেপিটেল কমপ্লেক্স, পাপুমপাৰে জিলা আৰু দাঁতিকাষৰীয়া কেইবাখনো জিলাৰ লগতে অসমৰ লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ জনসাধাৰণ উপকৃত হ’ব ৷
প্ৰেৰক সমীন শইকীয়া
You might also like