নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : যোৱা ১২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাস্থিত ভেটেনেৰী কলেজৰ খেলপথাৰত এক্সপো ওয়ান অৰ্গানিক নৰ্থ ইষ্ট ইন্টাৰনেচনেল ট্ৰেড ফেয়াৰৰ প্ৰথম সংস্কৰণ বিপণন বোৰ্ড (এপিএএমবি) ৰ উদ্যোগত তিনি দিনীয়াকৈ অনুষ্ঠিত বানিজ্যিক মেলাত অৰুণাচলৰ পাকে কেচাং জিলাৰ চিজুছাৰ যুৱ কৃষকতথা কামেং অর্গানিক ফার্মার্স প্রডিউসাৰ কোম্পানী লিমিটেড ব্যৱস্থাপনাৰ পৰিচালক টাকুম নাবামক জৈৱিক পদ্ধতিৰে কৃষি উৎপাদন কৰাৰ বাবে সংস্থাটোৰ পৰা পুৰস্কৃত কৰা হয়। এই খৱৰে চিজুছা অঞ্চলৰ কৃষক সকলক উৎসাহিত ককি তোলে। উক্ত মেলাত অৰুণাচলৰ পৰা ১৫ টাতকৈ অধিক কৃষি উৎপাদন কোম্পানীৰ লগতে ৫০ ৰো অধিক খেতিয়কে অংশগ্ৰহণ কৰা কামেং অর্গানিক ফার্মার্স প্রডিউসাৰ কোম্পানী লিমিটেড ব্যৱস্থাপনাৰ পৰিচালক টাকুম নাবামৰ লগতে নামচাই অৰ্গানিক স্পাইচেচ এণ্ড এগ্ৰিকালছাৰেল প্ৰডাক্টচ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ স্বত্তাধিকাৰী অথিনা চৌহাইক এটা অগ্ৰনী কৃষক হিচাপে আৰু আন্তৰ্জাতিক বজাৰত জৈৱিক পণ্য ৰপ্তানিৰ ও বোৰ্ডৰ অসামান্য সফলতাৰ বাবে এপিএএমবিৰ প্ৰধান নিৰ্বাহী কৰ্মকৰ্তা ওকিত প্যালিংকো পুৰস্কৃত কৰা হয়। পূৰস্কৃত চিজুছাৰ কৃষক টাকুম নাবামে জানিব দিয়া মতে যোৱা ৩ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে অসম, অৰুণাচল আৰু ছিকিম চৰকাৰৰ দ্বাৰা প্ৰথম বাৰৰ বাবে আয়োজিত উত্তৰ – পূৱ জৈৱিক পদ্ধতিৰে কৃষি উৎপাদিত শষ্যৰ ক্ৰেতা বিক্ৰেতা সকলৰ বৈঠকৰ সময়ত অহা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আন্তৰ্জাতিক ক্ৰেতা বিক্ৰেতা সকলে তেওঁৰ কোম্পানীৰ দ্বাৰা উৎপাদিত জৈৱিক কৃষিৰ শষ্য বোৰক কৰা প্ৰশংসাই তেওঁক অধিক উৎসাহিত ককি তোলে।
প্ৰেৰক শিবু মজুমদাৰ