মাণিকপুৰত জব্দ ৬০ লাখৰ অৰুণাচলী সুৰা
নিয়মীয়া বাৰ্তা, ৫ জুনঃ তলাবন্ধৰ সুযোগ গ্রহণ কৰি ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায়৷ বঙাইগাঁৱৰ মাণিকপুৰত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অৰুণাচলী সুৰাভর্তি ট্রাক এখন জব্দ কৰিবলৈ সক্ষম হয়৷ অৰুণাচলৰ ভালুকপুঙৰ পৰা আহি থকা ডব্লিউ বি ২৩ চি ২১৩৭ নং দহ চকীয়া ট্রাকখন ৩১ নং ৰাষ্ট্রীয় ঘাইপথত টহলদাৰী আৰক্ষীৰ দলে সন্দেহবশতঃ ৰখায়৷ আৰক্ষীয়ে ট্রাকখনত তালাচী কৰাত সুৰাৰ কার্টন উদ্ধাৰ হয়৷ সুৰাখিনিৰ কোনো ধৰণৰ নথিপত্র চালকজনে দেখুৱাবলৈ সক্ষম নহ’ল৷
আৰক্ষীয়ে ট্রাকখনৰ পৰা বিভিন্ন ব্রেণ্ডৰ অৰুণাচলী সুৰাখিনি জব্দ কৰে৷ ইতিমধ্যে মাণিকপুৰ থানাত ১৮৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ট্রাকচালক পশ্চিমবংগৰ উত্তৰ চব্বিছ পৰগনাৰ আবুল কালাম ওৰফে আব্দুল কালামক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ আবকাৰী দল থানা চৌহদত উপস্থিত হৈ বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ ট্রাকখনৰ পৰা ৭৭০ কার্টন অৰুণাচলী সুৰা জব্দ কৰা হৈছে৷ জব্দকৃত অৰুণাচলী সুৰাৰ বজাৰ মূল্য ৪০ৰ পৰা ৫৯ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে৷
ইফালে গেৰুকাবাৰীত আৰক্ষীয়ে নিশা ধঁপাতভর্তি ট্রাক এখন জব্দ কৰে৷ জি এছ টি ফাঁকি দি ধঁপাত সৰবাৰহ কৰা ডব্লিউ বি ১৫ ডি ৬৯৫৯ নম্বৰৰ ট্রাকখন পশ্চিমবংগৰ দিনহাটাৰ পৰা যোৰহাটলৈ লৈ গৈ আছিল৷ এই সন্দর্ভত মাণিকপুৰ থানাত ১৮৪/২০ নং গোচৰ ৰুজু কৰিছে৷ চালক পশ্চিমবংগৰ হুগলীৰ প্রদীপ বিশ্বাসক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰাত জে’ল–হাজোতলৈ প্রেৰণ কৰে৷