নিয়মীয়া বাৰ্তা ২০ মেঃ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রীক স্কুটী প্রদানৰ বাবে বুধবাৰে বিত্ত বিভাগে মোকলাই দিলে ৯০ কোটি ২০ লাখ ৯৬ হাজাৰ টকা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে বুধবাৰে বিত্ত বিভাগে এই ধনৰাশি মোকলাই দিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে টুইটযোগে এই তথ্য প্রকাশ কৰি জানিবলৈ দিয়া মতে, যিসকল কৃতী ছাত্রীয়ে স্কুটী লাভ কৰা নাই সেইসকল ছাত্রীক স্কুটী প্রদানৰ বাবে এই ধনৰাশি অনুমোদন জনোৱা হৈছে৷ বিগত সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশক্রমে বিভিন্ন আঁচনিৰ পুঁজি মোকলাই দিয়াৰ লগতে ইয়াৰ ব্যৱস্থা গ্রহণৰ কথাও মন্ত্রী অজন্তা নেওগে জানিবলৈ দিয়ে৷
আনহাতে, বিত্ত বিভাগে ৰাজ্যৰ ৩৪খন জিলাৰ কণ্টেইনমেণ্ট জ’ন তথা হোম আইছ’লেচনত থকা লোকসকলক তথা অন্যান্য ক’ভিড সম্পর্কীয় ৰোগীৰ সাহয্যৰ বাবে ৪৩ কোটি ২১ লাখ ৬ হাজাৰ টকা মোকলাই দিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে টুইটযোগে এই তথ্য প্রকাশ কৰাৰ লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবেও ১৬৭ কোটি টকা মোকলাই দিয়া বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে৷