১৭ লাখ পৰিয়ালক বছৰি ১০ হাজাৰ টকাকৈ অসম চৰকাৰৰ সর্ববৃহৎ জনকল্যাণ আঁচনি মুকলি
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ সামাজিক–র্থনৈতিক উন্নয়নেৰে পৰিপূর্ণ ভেটিত এক নতুন অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে হাতত লৈছে এক সর্ববৃহৎ আঁচনি৷ জটিল পৰিস্থিতিৰ মাজত ভয়াৱহ আর্থিক সমস্যাৰ সন্মুখীন হোৱা দুখীয়া পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ লক্ষ্যৰে বুধবাৰে মুকলি কৰা হ’ল অৰুণোদয় আঁচনিখন৷ ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই আঁচনিখন মুকলি কৰি কয়– ৰাজ্য চৰকাৰৰ প্রশাসনিক ইতিহাসত অৰুণোদয় হ’ব এখন সর্ববৃহৎ, একক আৰু অনন্য আঁচনি৷ বাজেটত উল্লেখ কৰা অষ্টাদশ মুকুতা মালাৰ সর্বপ্রথম মুকুতা হিচাপে অৰুণোদয় আঁচনিখনৰ জৰিয়তে ৰাজ্যত দুখীয়া পৰিয়ালৰ বাবে এসাঁজ স্বাস্থ্যকৰ আৰু সুষম আহাৰ প্রতিদিনে নিশ্চিত কৰা হ’ব৷ উল্লেখ্য যে ইয়াৰ দ্বাৰা এতিয়াৰে পৰা অহা পাঁচ বছৰলৈ চৰকাৰৰ সকলো আঁচনি অৰুণোদয়ৰ অন্তর্ভুক্ত হ’ব৷ বুধবাৰে জনতা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে ১৭ আগষ্টৰ পৰা হিতাধিকাৰীৰ বাছনি আৰম্ভ হ’ব৷ আনহাতে, ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্রতিমাহতে এই আঁচনিৰ জৰিয়তে ৮৩০ টকাকৈ বেংকৰ জৰিয়তে প্রদান কৰা হ’ব৷ এই সাহায্য এককালীন নহয়৷ চৰকাৰে প্রতিটো পৰিয়ালক প্রতিমাহতে এই আর্থিক সাহায্য প্রদান কৰি যাব৷ এই সন্দর্ভত তেওঁ কয়– বিত্ত বিভাগে অৰুণোদয় আঁচনিৰ বাবে ২,৮০০ কোটি টকা ইতিমধ্যে চলিত বর্ষৰ বাজেটত ধার্য কৰি ৰাখিছে৷ হিতাধিকাৰীসকলক ঔষধ, ৰেচন, চেনি আদি ক্রয় কৰিব পৰাকৈ সাহায্য প্রদান কৰা হ’ব৷ যি ধৰণে চৰকাৰী চাকৰিয়ালসকলক প্রতিমাহে চিকিৎসা ভাট্টা দিয়া হয়, ঠিক সেইধৰণে এই আঁচনিৰ অন্তর্ভুক্ত হিতাধিকাৰীসকলক প্রতিমাহত আৱশ্যক হ’ব পৰা ৪ কিলোগ্রাম চেনিৰ ৫০ শতাংশ মূল্য ৮০ টকা, দাইল বা আন ৰেচনত ৫০ শতাংশ মূল্য ২০০ টকা, ফল–মূল, শাক–পাচলিৰ বাবদ ১৫০ টকা আৰু ঔষধ ক্রয়ৰ বাবে ৪০০ টকাকৈ মুঠ ৮৩০ টকা প্রদান কৰা হ’ব৷ মুখ্যতঃ প্রতিটো পৰিয়ালে প্রতিমাহে ৮৩০ টকাত চিকিৎসা আৰু পুষ্টিকৰ খাদ্য–সামগ্রী লাভ কৰিব, যাৰ দ্বাৰা অভাৱগ্রস্ত একোটা পৰিয়ালে প্রতিবছৰে ১০ হাজাৰ টকা এক অতিৰিক্ত অর্থসাহায্য লাভ কৰিব৷ তেওঁ ইয়াকো উল্লেখ কৰে যে প্রতিমাহতে প্রদান কৰা ৮৩০ টকা সময় সাপেক্ষে চৰকাৰে বৃদ্ধি কৰি যাব৷ অর্থাৎ উৎসৱ–পার্বণ, বিহু, দুর্গাপূজা আদিৰ সময়ছোৱাৰ লগতে শিক্ষানুষ্ঠানৰ নামভর্তি আদিৰ সময়ত এই ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হ’ব৷ জানুৱাৰী মাহত যদি ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰা হয়, তেন্তে পুনৰ ফেব্রুৱাৰী মাহত পুনৰ ৮৩০ টকাকৈ বেংকত জমা কৰা হ’ব৷ এইক্ষেত্রত চৰকাৰে এক বিশেষ নীতি অৱলম্বন কৰিছে৷ সেই অনুসৰি ২ লাখতকৈ কম ভোট থকা সমষ্টিত ১৫ হাজাৰ পৰিয়ালক এই আঁচনিৰ অন্তর্ভুক্ত কৰা হ’ব৷ অর্থাৎ সমষ্টিটোত এক তৃতীয়াংশ লোকক অৰুণোদয়ত সামৰি লোৱা হ’ব৷ একেদৰে ২ লাখতকৈ বেছি ভোটাৰ থকা সমষ্টিত ১৭ হাজাৰ পৰিয়ালক এই আঁচনিৰ অন্তর্ভুক্ত কৰা হ’ব৷ অহা ১৭ আগষ্টৰ পৰা হিতাধিকাৰীৰ বাছনি প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ গ্রাম্য এলেকাত গাঁওসভাৰ জৰিয়তে বাছনি তালিকা প্রস্তুত কৰা হ’ব৷ পাছত এই তালিকা বিশেষ কমিটীয়ে পৰীক্ষা কৰাৰ পাছত জিলা উপায়ুক্তসকলে ইয়াক চূড়ান্ত কৰিব৷ একেদৰে নগৰাঞ্চলত ৱার্ড কমিটীসমূহে হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰিব৷ এই আঁচনিত যোগ্য বিবেচিত হোৱা হিতাধিকাৰী পৰিয়ালসমূহক সতর্কতাৰে পর্যবেক্ষণ কৰাৰ পাছত হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত কৰা হ’ব৷ বিত্তমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, এই আঁচনিৰ হিতাধিকাৰী পুৰুষ হ’ব নোৱাৰে৷ পৰিয়ালৰ এগৰাকী মহিলাহে হিতাধিকাৰী হ’ব৷ অর্থাৎ পৰিয়ালৰ লোকসকলে আলোচনাৰ জৰিয়তে তেওঁলোকৰ মাতৃ, জীয়ৰী অথবা বোৱাৰীক হিতাধিকাৰী হিচাপে নাম প্রেৰণ কৰিব পাৰিব৷ এইক্ষেত্রত হিতাধিকাৰীৰ যোগ্যতাও নিৰূপণ কৰা হৈছে৷ সেই অনুসৰি আবেদনকাৰী অসমত বাস কৰা হ’ব লাগিব, আবেদনকাৰীৰ পৰিয়ালৰ মুঠ বার্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব৷ তদুপৰি আবেদনকাৰীৰ নিজা বেংক একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্টত থকা নাম আবেদন–পত্রত দিয়া নামৰ সৈতে একে হ’ব লাগিব৷ মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে হিতাধিকাৰীৰ তালিকা প্রস্তুতৰ ক্ষেত্রত যাতে কোনো ধৰণৰ অনিয়ম নহয়, সেই দিশটো তদাৰক কৰিব বিত্ত বিভাগে৷ কোনো ব্যক্তি যদি যোগ্যতা নথকা সত্ত্বেও তালিকাত নাম অন্তর্ভুক্ত হয়, লগে লগে তেওঁৰ নাম তালিকাৰ পৰা কর্তন কৰি আন এজন হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত হ’ব৷ এই আঁচনিত প্রাক্তন সাংসদ, বর্তমানৰ সাংসদ, বিধানসভাৰ সদস্য, পঞ্চায়তৰ প্রতিনিধিৰ পৰিয়াল হিতাধিকাৰী হ’ব নোৱাৰিব৷ একেদৰে চিকিৎসক, অভিযন্তা, উকীল, চার্টার্ড একাউনটেণ্ট, স্থাপত্যবিদ, পঞ্জীভুক্ত ঠিকাদাৰ, আয়কৰ পৰিষদকাৰী, ১৫ বিঘাতকৈ অধিক কৃষিভূমি থকা পৰিয়াল, ট্রেক্টৰ থকা পৰিয়াল, চাৰিচকীয়া বাহন বা বেটাৰীচালিত নাও থকা পৰিয়াল, ৰেফ্রিজাৰেটৰ, ৱাশ্বিং মেচিন বা এয়াৰ কণ্ডিচনাৰ থকা পৰিয়াল এই আঁচনিৰ অন্তর্ভুক্ত নহ’ব৷ আনহাতে, স্বামীহীনা, বিবাহ বিচ্ছেদিত, অবিবাহিত, পৰিয়ালৰ পৰা পৃথক হৈ থকা মহিলাক এই আঁচনিৰ বাবে বিশেষ অগ্রাধিকাৰ দিয়া হ’ব৷ ইয়াৰ উপৰি মনোনীত পৰিয়ালৰ মুখ্য মহিলাগৰাকী যদি বিশেষভাৱে সক্ষম হয়, পৰিয়ালত যদি বিশেষভাৱে সক্ষম সদস্য থাকে, তেওঁলোককো এই আঁচনিৰ বাবে অগ্রাধিকাৰ দিয়া হ’ব৷ খাদ্য সুৰক্ষা আইনৰ অধীনত সুবিধা লাভ কৰা পৰিয়ালেও এই আঁচনিত অন্তর্ভুক্ত হ’ব পাৰিব৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– যোগ্য পৰিয়ালসমূহ যাতে এই আঁচনিৰ অন্তর্ভুক্ত হ’ব পাৰে, তাৰ বাবে প্রতিটো সমষ্টিতে তিনিজনকৈ অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ’ব৷ এই সহায়কসকলে প্র–পত্র পূৰণৰ লগতে বেংকৰ একাউণ্ট নম্বৰ আদি সঠিকভাৱে দাখিল কৰাত আবেদনকাৰীসকলক সহায় কৰিব৷ আনহাতে, প্রতিমাহৰ ১ তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত উক্ত ধনৰাশি জমা হ’ব৷ উল্লেখ্য যে অর্থনৈতিক সক্ষমতা আৰু মহিলাসকলৰ সামাজিক সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা এই আঁচনিখন সর্ববৃহৎ আঁচনি ৰূপে পৰিগণিত হৈছে৷ মন্ত্রীগৰাকীয়ে কয়– দীঘলীয়া সময় মই ৰাজ্য চৰকাৰৰ মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছোঁ৷ কিন্তু দীঘলীয়া এই মন্ত্রিত্বকালত মই এনে সর্ববৃহৎ, একক, অনন্য আঁচনি প্রত্যক্ষ কৰা নাই৷