বৃদ্ধি হ’ব অৰুণোদয়–দিব্যাংগ পেন্সন
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ সমান্তৰালকৈ অৰুণোদয় দিব্যাংগ পেন্সনৰ ধনো বৃদ্ধি কৰা হ’ব৷ –শনিবাৰে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
‘নিউজ লাইভ’ত শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে দিব্যাংগসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠানত এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে ‘নিউজ লাইভ’ৰ উদ্যোগত অনুষ্ঠিত প্রত্যাশা অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা দিব্যাংগসকলে তেওঁলোকৰ সমস্যাসমূহ মুখ্যমন্ত্রীৰ সমুখত দাঙি ধৰে৷ দিছপুৰৰ মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনৰ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বিজেপি চৰকাৰৰ কার্যকালতে দিব্যাংগসকলৰ সকলো সমস্যা সমাধানৰ আশ্বাস দিয়ে৷
এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– দিব্যাংগসকলৰ প্রতি পূর্বৰে পৰা বিজেপিৰ সংবেদনশীলতা আছে৷ সেয়েহে তেওঁলোকৰ সমস্যাসমূহ সমাধানত সর্বাধিক গুৰুত্ব দিছে চৰকাৰখনে৷ ইতিমধ্যে চাকৰিত তিনি শতাংশৰ পৰা চাৰি শতাংশলৈ সংৰক্ষণ বৃদ্ধি কৰা হৈছে৷ সুকীয়া সঞ্চালকালয় গঠনৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত৷ চৰকাৰে ৰাজ্যৰ প্রতিটো সমষ্টিতে অৰুণোদয় আঁচনি লাভ কৰিব লগা ৫ হাজাৰ নতুন পৰিয়ালক চিনাক্ত কৰিব৷ এইক্ষেত্রত দিব্যাংগ পৰিয়ালসমূহ যাতে অৰুণোদয় আঁচনিত অন্তর্ভুক্ত হয়, তাৰ বাবে মন্ত্রীসকলক বিশেষ দায়িত্ব প্রদান কৰা হৈছে৷
উল্লেখ্য যে মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনৰ বাকৰিত কালি বহুসংখ্যক দিব্যাংগ শিল্পীয়ে আকর্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে৷ এই অনুষ্ঠানতে কেইবাজনো দিব্যাংগৰ সৈতে মুকলি বার্তালাপ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, পীয়ূষ হাজৰিকা, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে কেইবাজনো বিধায়ক, সাংসদ উপস্থিত থাকে৷