বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ “সমষ্টিবোৰৰ তালিকা মই দেখিছোঁ কৰবাত কৰবাত আৰু এই তালিকাবোৰ দেখি ভাব হৈছে যে তেওঁলোকৰ অফিচত থকা পিয়ন, চকীদাৰ সকলেও টিকট বিচাৰি দিছে যেন পাওঁ।” এইদৰে অজি ধুবুৰীত আগন্তুক লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকাখনক কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিষয়টো লৈ তেওঁ আৰু কয় যে, “কংগ্ৰেছততো ইমান মানুহেই নাই! ক’ৰ পৰা যে ৮০ জন নে ৮৫ জন মানুহ বিচাৰি পালে ১৪টা সমষ্টিত! মইতো ৮৫ জন নেতা তেওঁলোকৰ তাত দেখা নাই। বিভিন্ন অঞ্চলৰ কংগ্ৰেছ অফিচত থকা পিয়ন, চকীদাৰ যিসকল আছিল চবে টিকট বিচাৰিলে , এনেকুৱা হ’ল চাগে। মই লিষ্টখন চাইছোঁ। বহুত মানুহৰ নাম কেতিয়াও ৰাজনীতিত শুনা নাছিলোঁ; কিছুমান মানুহৰ শুনিছোঁ। কিন্তু মোটামুটি ৩০ বছৰ ৰাজনীতিৰ সৈতে থাকিলোঁ অন্ততঃ নাম শুনিব লাগিছিল।” “তেওঁলোকে যিমানেই তালিকা নোলাওক কিয়” বুলি মন্তব্য কৰি অহা নিৰ্বাচনত ধুবুৰীত বিজেপি মিত্ৰজোঁটেই প্ৰতিদ্বন্দিতা কৰিব বুলি সাংবাদিকৰ সন্মুখত দাবী কৰে মন্ত্ৰী মল্ল বৰুৱাই। আনহাতে এআইইউডিএফ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগ লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, “কংগ্ৰেছৰ ঔৰসত আজমলৰ জন্ম। গতিকে কোনদিনা কোলাত তুলি লয়, কোনদিনা মূৰত তুলি লয়, কোনদিনা দলিয়াই পেলায় – সেয়া আপোনালোকে ধৰিব নোৱাৰিব। আজি হয়তো দলিয়াই পেলোৱা যেন লাগিছে; দেখিব কেইদিনমান পিছত কোলাত লৈ থৈছে, বোকোচাত লৈ থৈছে, মূৰত তুলি লৈছে – গমেই নাপাব। সেইকাৰণে কংগ্ৰেছ আৰু এআইইউডিএফ মিত্ৰতা থকা-নথকা লৈ আলোচনা কৰি লাভ নাই। কিয়নো দুয়োটাই একেটাই দল।” উল্লেখ্য যে, আজি ধুবুৰীত অৰুণোদয় ২.০ আঁচনিখন আনুষ্ঠানিক ভাবে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই উপলক্ষে ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা হাজাৰ মহিলাৰ উপস্থিতিত জিলাখনৰ অৰুণোদয় ২.০ আচঁনিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে অনুমোদন-পত্র বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, অৰুণোদয় ২.০-ৰ অধীনত জিলাখনত নতুনকৈ ১৮,৬৪৮ গৰাকী হিতাধিকাৰীক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত অৰুণোদয় ১.০ আৰু ২.০ মিলাই সামৰি লোৱা হৈছে মুঠ ১,০১,৭৯৪ গৰাকী হিতাধিকাৰীক।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী