নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন অসমৰ পৰিকল্পনাৰে ‘অৰুণোদয় আঁচনি’

নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। জনতা ভবনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনি সন্দৰ্ভত সংবাদমেল মন্ত্ৰীজনৰ। ৫ বছৰলৈ সকলো আঁচনি অৰুণোদয়ত অন্তভুৰ্ক্ত হ’ব। ২ অক্টোবৰৰ পৰা ১৭ লাখ পৰিয়ালক দিয়া হ’ব ৮৩০টকাকৈ দিয়া হ’ব। বছৰি ১০ হাজাৰকৈ জমা হ’ব এই ধন।

পৰিয়ালৰ মহিলাৰ একাউণ্টত পোনে পোনে জমা হ’ব ধনৰাশি। এই আঁচনিৰ হিতাধিকাৰী পুৰুষ হ’ব নোৱাৰিব। ৰাজ্যবাসীৰ বাবে অৰুণোদয় হ’ব জনকল্যাণমূলক আঁচনি। এই আঁচনিয়ে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক উত্থানত সহায় কৰিব বুলি সংবাদমেলত মন্তব্য মন্ত্ৰীগৰাকী। এই আঁচনিৰ বাবে বছৰি ২১০ কোটি টকা খৰছ হ’ব।

প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে এই অৰুণোদয় আঁচনি। ১৫ ছেপ্টেম্বৰলৈ প্ৰতি সপ্তাহত একোখনলৈ আঁচনি ঘোষণা কৰিব চৰকাৰে। ২লাখৰ অধিক ভোট থকা সমষ্টিত ১৭ হাজাৰ হিতাধিকাৰী আৰু ২ লাখৰ কম ভোট থকা সমষ্টিত ১৫ হাজাৰ হিতাধিকাৰী থাকিব। সমষ্টিৰ এক তৃতীয়াংশ লোকক সামৰি ল’ব এই আঁচনিয়ে। ক’ভিডৰ এই দুৰ্যোগৰ সময়ত এই আঁচনিয়ে সকাহ দিব বুলি মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

You might also like