নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৱা ৰঞ্জিত গগৈলৈ বিহুৰত্ন বঁটা অসম বিহুশিল্পী সংস্থাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ বিহু শিল্পী সংস্থা, অসমে ২০২৪ চনৰে পৰা প্রদান কৰি অহা ‘বিহুৰত্ন বঁটা’ এইবাৰ প্রদান কৰা হ’ব অসম গৌৰৱ বঁটাৰে সন্মানিত বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈক৷ অসমৰ বিহু সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অহোপুৰুষার্থ কৰি অহা এগৰাকী বিহু সাধকক বিহু শিল্পী সংস্থাৰ বিহুৰত্ন বঁটাৰে সন্মানিত কৰা হয় আৰু এইবর্ষত এই বঁটাৰ বাবে ৰঞ্জিত গগৈক বাছনি কৰা হৈছে৷

চন্দ্ৰযান-৫ৰ বাবে ইছৰোক কেন্দ্ৰৰ অনুমোদন

বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈয়ে শৈশৱকালৰে পৰা কান্ধত ঢোল লৈ বিহু সংস্কৃতিৰ পথাৰখনত কাম কৰি আহিছে৷ তেওঁ বিশ্বৰ বহুকেইখন দেশলৈ গৈ অসমৰ বিহু পৰিৱেশন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত বিহু নাচৰ বিশ্ব ৰেকর্ড অনুষ্ঠানতো মুখ্য ভূমিকা পালন কৰিছিল৷ বিহু শিল্পী সংস্থা অসমে শোণিতপুৰ জিলা সমিতিৰ বালিপৰা আঞ্চলিকৰ উদ্যোগত ২৩ মার্চত বালিপৰাত অনুষ্ঠিত হ’বলগীয়া বিহু শিল্পী সংস্থা অসমৰ পঞ্চম ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত ৰঞ্জিত গগৈক এই বঁটা প্রদান কৰা হ’ব৷ বিহু শিল্পী সংস্থা অসমৰ ৰাজ্যিক সভাপতি দীপজ্যোতি হাজৰিকাই এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে৷ এহ বঁটাত থাকিব এটি বিশেষ ট্ৰফী, নগদ ধন, প্রশস্তিমূলক পত্র, গামোচা আৰু চেলেং৷

📌 শিক্ষা বিভাগৰ সভাত বেসুৰাকৈ জাতীয় সংগীত পৰিৱেশন। 📌 নগাঁৱৰ লাওখোৱা শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণী অনুষ্ঠানত এই ঘটনা। তীব্ৰ প্ৰতিক্ৰিয়া।

You might also like