দাবী পূৰণৰ সমৰ্থনত ভেৰগাঁৱত আছাৰ ধৰ্মঘট কাৰ্যসূচী পালন
নিয়মীয়া বাৰ্তা, ২১ মে” : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই কেতবোৰ দাবী পূৰণৰ সমৰ্থনত আজি ভেৰগাঁৱত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত, ভেৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় এই ধৰ্মঘট কাৰ্যসূচীত আদিবাসী সকলক জনজাতিৰ মৰ্যাদ দিয়া, চাহ বাগিছা উচ্ছেদ বন্ধ কৰা, কাছাৰৰ উচ্ছেদিত চাহ শ্ৰমিক সকলক পুনৰ সংস্থাপন দিয়া, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা , আদিবাসী সকলক ভূমিপট্টা প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী পালন কৰে সংগঠটোৱে । ধৰ্মঘট স্থলীত আছাৰ নেতা-কৰ্মী সকলে ন’ এছ টি ন’ ৰেষ্ট, চাহ বাগিচা উচ্ছেদ বন্ধ কৰক, সঞ্জয় কিষাণ মুৰ্দাবাদ, কামাখ্যা তাছা মুৰ্দাবাদ, ইত্যাদি ধ্বনি দি ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় শিক্ষা সচিব ৰাজু তেলীয়ে অংশ লৈ বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে ।আদিবাসীসকল চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰি তেওঁ চৰকাৰক এখন আদিবাসীবিৰোধী চৰকাৰ বুলিও মন্তব্য কৰে । আদিবাসীসকলক কৰা শোষণ নীতি বন্ধ নকৰিলে বিজেপি চৰকাৰে আগন্তুক দিনত পৰিণাম ভুগিব লাগিব বুলিও নেতাগৰাকীয়ে সকীয়াই দিয়ে । কাছাৰৰ চাহ বাগিচা উচ্ছেদ কাৰ্যক তীব্ৰ বিৰোধিতা কৰি আছাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে কয় যে চৰকাৰৰ অন্যায়- অনীতিৰ বিৰুদ্ধে আছাই সদায় মাত মাতি যাব । জাতিটোৰ অধিকাৰৰ বাবে সকলো আদিবাসী লোক ৰাজপথলৈ ওলাই আহিবলৈ সাজু , প্ৰয়োজনসাপেক্ষে আত্মজাহ দিবলৈয়ো প্ৰস্তুত; কিন্তু আদিবাসীসকল পিছহুঁহকি নাযায় । আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছাৰ জিলা সভাপতি টিংকু ওৰাং, সম্পাদক প্ৰতাপ সিং গৌড়, আছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰকাশ বাৰা প্ৰমুখ্যে সংগঠনটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশ লয় ।
প্ৰেৰক ধীৰেন মহলীয়া