গোৱালপাৰাত অভিভাৱক মন্ত্ৰী অশোক সিংঘালৰ বিহুৰ আখৰা পৰ্যবেক্ষণৰ লগতে সূর্যপাহাৰ দৰ্শন
নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: গোৱালপাৰাৰ অভিভাৱকক মন্ত্ৰী অভিভাৱক মন্ত্ৰী অশোক সিংঘালে আজি বিস্তৃত কাৰ্যসূচী হাতত লৈ জিলাখনত উপস্থিত হয় । জিলাখনত তেওঁ পদাৰ্পণ কৰিয়ে প্ৰথমে ডি এন সিংহ ষ্টেডিয়ামৰ ভূমিত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ ৮ কোটি টকাৰে নিৰ্মান হৈ থকা চুইমিং পুলৰ কাম পৰিদৰ্শন কৰে । চুইমিং পুলৰ কাম পৰিদৰ্শন কৰি তেওঁ কয় যে গোৱালপাৰা জিলাখন আকাংক্ষিত জিলা হিচাপে ইয়াৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন দিশত গুৰুত্ব দিছে । আন আন ক্ষেত্ৰৰ লগতে চৰকাৰে ক্ৰীড়া ক্ষেত্ৰতো অধিক গুৰুত্ব আৰোপ কৰিছে । ইয়াৰে অংশ হিচাপে গোৱালপাৰা চহৰৰ ডি এন সিংহ ষ্টেডিয়ামত এক অত্যাধুনিক চুইমিং পুল নিৰ্মাণৰ কাম চলাই থকা হৈছে । ডি এন সিংহ ষ্টেডিয়ামত চুইমিং পুলৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখন অধিক মজবুত হব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইয়াৰ পিছতে তেওঁ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেক’ৰ্ডৰ বাবে অসম চৰকাৰৰ দ্বাৰা অহা ১৪ এপ্ৰিলত সৰুসজাইত প্ৰদৰ্শিত হবলগীয়া বিহুৰ কাৰ্যসূচীত জিলাখনৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া ২ শ গৰাকী বিহুৱা বিহুৱতীৰ অন্তিম আখৰা পৰ্যবেক্ষণ কৰে । বিহুৰ জৰিয়তে বিশ্ব অভিলেখৰ লক্ষ্যৰে কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলৰ দিনা গোৱালপাৰাৰ বিহুৱা বিহুৱতী সকলে গুৱাহাটীলৈ ৰাওনা হব । সেয়ে ইয়াৰ পূৰ্বে ডি এন সিংহ ষ্টেডিয়ামত ইয়াৰ চূড়ান্ত আখৰা অনুষ্ঠিত হয় । মন্ত্ৰী অশোক সিংঘাল চূড়ান্ত আখৰা পৰ্যবেক্ষণ কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ।
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ঐতিহাসিক পীঠস্থান শ্ৰীশ্ৰী সূর্যপাহাৰত উপস্থিত হয় । উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা তথা দ্বিতীয় কাশীধাম খ্যাত শ্ৰীশ্ৰী সূর্যপাহাৰৰ প্ৰাকৃতিক দৃশ্য আৰু ঐতিহাসিক সমল প্ৰত্যক্ষ কৰি মন্ত্ৰী গৰাকী অভিভূত হৈ পৰে । তেওঁ কয় যে হিন্দু ,বৌদ্ধ, জৈন ধৰ্মৰ সাক্ষ্য বহন কৰা শ্রীশ্ৰী সূৰ্য্যপাহাৰত কৰিবলগীয়া এতিয়াও বহু কাম আছে । সেয়ে অহা দিনত চাওঁ কি কৰিব পৰা যায় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । আনহাতে বিয়লিৰ ভাগত তেওঁ সূৰ্য্যপাহাৰৰ পৰা পুনৰ গোৱালপাৰা চহৰত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেল পথাৰত উপস্থিত হৈ তাত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শাৰীৰিক প্ৰধান কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীৰ দিনজোৰা কাৰ্যসূচীৰ প্ৰতিটো কাৰ্য্সূচীতে জিলা উপায়ুক্ত খনিন্দ্ৰ চৌধুৰী আৰু এপিডিচিএল ৰ অধ্যক্ষ প্ৰকাশ কাশ্যপৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সংগ দিয়ে ।