🔹 চাহ দোকানীৰ জৰিয়তে ৩ হাজাৰ টকা উৎকোচ বিচাৰিছিল
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক মুকুট আলীক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। তথ্য অনুসৰি, এগৰাকী মহিলাৰ পৰা কেছ ডায়েৰী লিখাৰ বাবে ধন লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী উপ-পৰিদৰ্শক মুকুট আলীক। এগৰাকী মহিলাৰ জে’লত থকা স্বামীৰ কেছ ডায়েৰীৰ বাবে সহকাৰী উপ-পৰিদৰ্শক মুকুট আলীয়ে বকো আৰক্ষী থানাৰ সন্মুখতে থকা চাহ দোকান এখনৰ দোকানী ফণী দাসৰ জৰিয়তে ৩ হাজাৰ টকা উৎকোচ বিচাৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে উৎকোচ বিচৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰাত সোমবাৰে মহিলাগৰাকীৰ সৈতে দুৰ্নীতি নিবাৰকৰ দলটোৱে সহকাৰী উপ-পৰিদৰ্শক মুকুট আলীয়ে বিচৰা ধন কৌশলগতভাৱে দোকানীজনৰ জৰিয়তে দিয়ে। ইয়াৰ পিছতে ফোনৰ বাৰ্তালাপ আৰু চাহ দোকানীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক মুকুট আলীক। উল্লেখ্য যে সহকাৰী উপ-পৰিদৰ্শক মুকুট আলীৰ বকোৰ পাখাৰাপাৰাস্থিত ভাৰাতীয়া ঘৰতো অভিযান চলায় দলটোৱে। পুৱা প্ৰায় ১১ বজাৰ পৰা বৰ্তমানেও সহকাৰী উপ-পৰিদৰ্শক মুকুট আলীক সোধা-পোছা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰকৰ দলটোৱে।
প্ৰেৰক প্ৰীতম বায়ন