নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বিস্কুট চুৰিৰ অভিযোগত নাবালকক নিৰ্যাতন চলোৱা এএছআইক গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ: মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত এটি কিশোৰক সামান্য বিস্কুট চুৰিৰ অভিযোগত নিশা থানাৰ ভিতৰত অমানীয়ভাৱে নিৰ্যাতন চলোৱাৰ ভিডিঅ ভাইৰেল হোৱাত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।কালিৰ পৰা চচিয়েল মিডিয়াকে ধৰি সংবাদ মাধ্যমত আৰক্ষীৰ অমানৱীয় নিৰ্যাতনৰ সমগ্ৰ দৃশ্য প্ৰচাৰৰ হোৱাৰ পিছতেই লাহৰীঘাট থানাৰ সহ উপ পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হয় ।উল্লেখ্য যে আৰক্ষীয়ে অবৈধ সুৰা সহ বিস্কুটৰ গাড়ী জব্দ কৰি থানা চৌহদত ৰাখি থৈছিল । যোৱা ৮ মাৰ্চত থানা চৌহদত থকা গাড়ীৰ পৰা কিশোৰটিয়ে বিস্কুট চুৰি কৰা বুলি সহ উপ পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈৰ লগতে আন কেবাগৰাকীয়ে আৰক্ষীৰ জোৱানে কিশোৰটিক ধৰি থানাৰ ভিতৰত নি অতি নিৰ্দয়ভাৱে বেতেৰে কোৱাইছিল ।সেই সময়ত সহ উপ পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈৰ পিন্ধনত আছিল বগা গেঞ্জি আৰু নীলা গামোচা ।কিশোৰটিৰ কান্দোনেও পাষান এ এছ আই বৰদলৈৰ অন্তৰ গলাব পৰা নাছিল ।আৰক্ষী বিষয়া জনে নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গৈছিল কিশোৰটিক আৰু নীৰৱ দৰ্শক হিচাপে সেই নিৰ্লজ্জ কাণ্ড উপভোগ কৰিছিল আন কেবাগৰাকী আৰক্ষী জোৱানে ।এই সমস্ত ঘটনা সংবাদ মাধ্যমত প্ৰচাৰৰ পিছতেই যোৱা নিশা সহ উপ পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈক মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে নিলম্বনৰ নিৰ্দেশ দিয়ে । আজি সহ উপ পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈ সহ এই সমস্ত ঘটনাত সহযোগ কৰা আৰক্ষী জোৱান সকলক গ্ৰেপ্তাৰ আৰু এই ঘটনাৰ উপযুক্ত তদন্তৰ দাবীত লাহৰীঘাট থানাৰ সন্মূখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি আন কেবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।বহু সময়ত একাংশ দাগী অপৰাধীৰ বিৰুদ্ধে নৰম স্হিতি গ্ৰহন কৰা লাহৰীঘাট আৰক্ষীয়ে শিশু অধিকাৰ আইনক ভৰিৰে মোহাৰি কিশোৰটিৰ ওপৰত বীৰত্ব চলোৱা ঘটনাক সংগঠনে ধিক্কাৰ দিয়াৰ লগতে এয়া এক চৰম লজ্জাজনক বুলি অভিহিত কৰে ।ইফালে আজি দুপৰীয়া মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে এক সংবাদ মেলৰ আয়োজন কৰি কয় যে কিশোৰটিৰ ওপৰত চলোৱা নিৰ্যাতন দূৰ্ভাগ্যজনক আৰু ঘটনাৰ লগত আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰদলৈক ইতিমধ্যে নিলম্বন কৰা হৈছে ।আনকি সমস্ত ঘটনাৰ তদন্তৰ বাবে লাহৰীঘাট আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু দুই এদিনৰ ভিতৰত তদন্তৰ ভিত্তিত আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্হা গ্ৰহন কৰা হব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰে ।আনহাতে আৰক্ষীয়ে থানাৰ ভিতৰত কিশোৰক বৰ্বৰভাৱে প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে ।মাছৰ সচিৱ জিতুমনি নাথে এক বিবৃতিযোগে প্ৰকাশ কৰে যে কিশোৰৰ ওপৰত চলোৱা আৰক্ষীৰ বৰ্বৰ ঘটনাৰ সন্দৰ্ভত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে শীঘ্ৰে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব ।

প্ৰেৰক আবুল কালাম

You might also like