নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ অশোকাষ্টমী স্নানঃ আৰম্ভ হৈছে ১৫ দিনীয়া অশোকাষ্টমী মেলাৰো

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কাইলৈ অশোকাষ্টমী। অহাকালিৰ সেই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰত গা ধুই পাপ খণ্ডন কৰিবলৈ ধুবুৰীলৈ ঢল নামে ভক্তপ্ৰাণ ৰাইজৰ। ধুবুৰী জিলাৰ উপৰি ৰাজ্যৰ দূৰদূৰণিৰ পৰা আজি বিয়লিৰ পৰাই আগমন ঘটিছে পুণ্যাৰ্থীৰ। উল্লেখ্য যে কেৱল অসমৰেই নহয় চুবুৰীয়া পশ্চিমবংগৰ পৰা অশোকাষ্টমীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ আগমন ঘটে ৰাইজৰ। ইপিনে প্ৰতি বছৰৰ দৰে অশোকাষ্টমীৰ সৈতে সংগতি ৰাখি এইবেলিও আয়োজন কৰা হৈছে ১৫ দিনীয়া এক মেলাৰ। স্থানীয় ৰাইজৰ মাজত অশোকাষ্টমী মেলা বুলি পৰিচিত সেই বিশেষ মেলাখন ইতিমধ্যে আজি বিয়লিৰ ভাগত আনুষ্ঠানিক ভাৱে উগ্বোধন কৰা হৈছে। ক’ভিডৰ বাবে বিগত দুটাকৈ বছৰ আয়েজিত নোহোৱা এই মেলাখনৰ বাবে ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছিল যতিও বিগত কেইদিনৰ পৰা হৈ থকা বৰষুণৰ বাবে মেলা প্ৰাংগন কৰ্দমাক্ত হৈ পৰা দেখা গৈছে। উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট আইনজীৱী প্ৰয়াত কমল দে বক্সীৰ নেতৃত্বত ১৯৬৯ চনৰ পৰা পৰিকল্পিত ৰূপত আৰম্ভ হোৱা এই মেলাই সময়ৰ গতিত বৰ্তমানে এক বিশাল ৰূপ ধাৰণ কৰিছে। ধুবুৰী চহৰৰ ‘মেলা ময়দান’ত আয়োজিত হোৱা মেলাত অসমৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী অহাৰ সমান্তৰালকৈ মেলাখন চাহলৈ দূৰ দুৰণিৰ পৰা ৰাইজ আহে। ইফালে কাইলৈৰ অশোকাঅষ্টমীত গা ধুবলৈ অহা ভক্তসকলৰ সুবিধা আৰু নিৰাপত্তাজনিত দিশলৈ লক্ষ্য ৰাখি বাবে ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষীয়ে হাতত লৈছে কেতবোৰ বিশেষ ব্যৱস্থা। এইবাৰ দিলা প্ৰশাসনে ধুবুৰী চহৰত থকা ব্ৰহ্মপুত্ৰৰ চাৰিটা ঘাটত ৰাইজৰ অশোকাষ্টমী স্নানৰ বাবে ব্যৱস্থা কৰিছে। উল্লেখ্য যে, এইবাৰ ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ যোগমায়া ঘাটত স্নানৰ অনুমতি দিয়া হোৱা নাই। আনহাতে যিকোনো অঘটনৰ সৈতে মোকাবিলা কৰাৰ বাবে এছডিআৰএফ, বিএছএফ বাহিনীকে ধৰি প্ৰশাসনে চিকিৎসকৰ দলো ইতিমধ্যে সাজু কৰিছে। আনহাতে সুশৃংখলিত ৰূপত মেলাখন আয়োজনৰ বাবে আৰক্ষীক সহযোগ কৰিবলৈ মেলা কমিটিয়ে ৭০ জন স্বেচ্ছাসেৱক সাজু কৰি তোলাৰ সমান্তৰালকৈ মেলা প্ৰাংগণত ১০ টা চিচি কেমেৰা স্থাপন কৰাৰ ব্যৱস্থা হাতত লোৱা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, অশোকাষ্টমীৰ সৈতে সংগতি ৰাখি যোৱাকালিৰ পৰাই ‘মেলা ময়দান’ত চাৰিদিনীয়া বাসন্তী পূজাৰো আয়োজন কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like